৩৫০ বছৰীয়া পৰম্পৰাৰে বটদ্ৰৱাত “দৌলৰ বাটৰ নাম” উৎসৱ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান উদ্ধাৰৰ সময়ৰ পৰা তথা ৩৫০ বছৰীয়া পৰম্পৰাক সৰোগত কৰি প্ৰতি বছৰে জেঠৰ পূৰ্নিমা তিথিত অনুষ্ঠিত হৈ আহিছে “দৌলৰ বাটৰ নাম” উৎসৱ।
এই “দৌলৰ বাটৰ নাম” উৎসৱ উপলক্ষে মংগলবাৰৰ নিশা বটদ্ৰৱাৰ যুৱক বৃন্দই পৰিবেশন কৰে ত্ৰিলোচন বিজয় ভাওনা। বটদ্ৰৱাৰ দৌলৰ বাটত বিগত এমাহ ধৰি নাম ৰখাৰ পাছত আজি অনুষ্ঠিত ভাওনা উপভোগ কৰি ৰাইজ আপ্লুত হৈ পৰে।
জনশ্ৰুতি মতে, বটদ্ৰৱা থান পুনৰুদ্ধাৰ সময়ত বটদ্ৰৱাত হাবি জংঘলেৰে ভৰা পৰিবেশৰ বাবে এই জেঠ মাহৰ দিন কেইটাত দৌল মন্দিৰলৈ যাবলৈ ভকত বৈষ্ণৱে ভয় কৰিছিল। সেই বাবে দৌল মন্দিৰলৈ উৎসগা কৰি দৌলৰ বাটতে বহাগৰ পূৰ্নিমাৰ পৰা প্ৰতি নিশা এমাহ নাম ৰাখি জেঠৰ পূৰ্নিমা গাঁৱৰ সকলো ভকত বৈষ্ণৱ সমবেত হৈ দিনত নামকীৰ্ত্তন আৰু নিশা ভাওনা অনুষ্ঠিত কৰে। এই নামকীৰ্ত্তনৰে দ্বাৰা জীৱৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰা হয়।
আৰু পঢ়ক: অবৈধ চীনা নাগৰিকক আশ্ৰয় দি আৰক্ষীৰ জালত নগা যুৱতী…..
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pKgVDty
via IFTTT
Comments
Post a Comment