লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং লোহা…

ডিজিটেল সংবাদ লামডিঙঃ লামডিঙত বৃদ্ধি পাই আহিছে লোহাৰ চোৰাং বেহা ৷ আজি পুনৰ লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ চি আই বি দলে লামডিঙৰ কৃষ্ণনগৰৰ পৰা এখন ট্ৰাকসহ বৃহৎ পৰিমাণৰ চোৰাং লোহা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে ৷

লামডিং কৃষ্ণ নগৰৰ পৰা AS 09 8647 নম্বৰৰ ট্ৰাকত বৃহৎ পৰিমাণৰ ৰেলৱেৰ চোৰাং লোহা জব্দ কৰিছে ৷ ৰেলৱে সুৰক্ষাবাহিনীয়ে বৰ্তমানে নিজৰ তদন্ত অব্যাহত ৰাখিছে আৰু এই চোৰাং ব্যৱসায়ীৰ লগত কোন কোন জড়িত আছে তাৰো তদন্ত চলাই আছে ৷

উল্লেখ যে, বিগত কিছুমাহ আগতে লামডিং ৰেলৱে সুৰক্ষাবাহিনীয়ে লামডিঙত এখন লোহা ভৰ্তি ট্ৰাকসহ এগৰাকী ৰেলৱে অভিযন্তা, ৰেলৱে কৰমচাৰী , ৰেলৱে সুৰক্ষা বাহিনীৰ এজন উপ-পৰিদৰ্শক আটক হোৱাৰ লগতে তিনিজন লোকক আটক কৰিছিল ৷ কিন্তু তাৰ পিছতো যেন ক্ষান্ত হৈ পৰা নাই একাংশ চোৰাং ব্যৱসায়ী।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://www.asomiyapratidin.in/large-quantity-of-smuggled-iron-seized-in-lumding-railway-security-force-operation/
via IFTTT

Comments