হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ ৬৪০১০১ জন ছাত্ৰ-ছাত্ৰী…

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪০৫৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ২২৯১৩১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ।

ঘোষিত ফলাফলত মুঠ ৬৫১৭৬ জনে প্ৰথম বিভাগ, ৯৯৮৫৪ জনে দ্বিতীয় বিভাগ, ৬৪০১০১ জনে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হৈছে। উত্তীৰ্ণ হোৱাসকলৰ ভিতৰত আছে ১১৮২৪৩ গৰাকী ছাত্ৰী আৰু ১১০৮৮৮ জন ছাত্ৰ।

ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৪.৪৯ আৰু ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হ৫৮. ৮০। পুৱা ১০ বজাৰ পৰা ছেবাই ঘোষণা কৰা ১৪ টা ৱেবছাইটত ফলাফল উপলব্ধ হৈছে। ২০২১ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শতাংশ।

ক্লিক কৰি পঢ়কঃ প্ৰথম স্থান লাভ কৰা ৰক্তোৎপলে ক’লে সহায়ক পুথিৰ প্ৰয়োজন নাই…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ZRDi0gw
via IFTTT

Comments