HS RESULTS- কলা শাখাত শীৰ্ষত সাধনা, চেৰী…

ডিজিটেল ডেস্কঃ ঘোষণা হল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এই বৰ্ষত কলা শাখাৰ শীৰ্ষ স্থান দখল কৰিছে দুগৰাকী ছাত্ৰীয়ে। তেওঁলোক হৈছে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (কামৰূপ)ৰ সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ চেৰী গোহাঁই। তেওঁলোক দুয়োগৰাকী ছাত্ৰীয়ে লাভ কৰা নম্বৰ হৈছে ৪৮৭।
ইফালে কলা শাখাত দ্বিতীয় স্থান দখল কৰিছে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ ছাত্ৰী বিদিশা মিশ্ৰই। তেওঁ লাভ কৰা নম্বৰ হৈছে ৪৮৬। ৪৮৩নম্বৰ লাভেৰে তৃতীয় স্থান দখল কৰিছে শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ সুদীপ্ত দেৱনাথে।
চতুৰ্থ স্থানঃ নিলয় কুৰ্মী, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও আৰু প্ৰিয়ংকা বৈশ্য, অসম ভেলী একাডেমী, নলবাৰী। লাভ কৰা নম্বৰ- ৪৮৩
পঞ্চম স্থানঃ মধুস্মিতা বেজবৰুৱা, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা আৰু প্রত্যুষ প্রতীম বৰা, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও। লাভ কৰা নম্বৰ- ৪৮০
ষষ্ঠ স্থানঃ ষষ্ঠ স্থান লাভ কৰিছে ৪গৰাকী শিক্ষাৰ্থীয়ে। দৈবিক দেৱ, ৰামানুজ গুপ্তা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ আৰু ছহীদ আহমেদ খণ্ডকাৰ, আব্দুল হাছিব হায়াৰ ছেকেণ্ডাৰী স্কুল, হোজাই। ৰ’জী ৰৌছন, কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ, উপাসনা শইকীয়া ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী, নগাঁও। লাভ কৰা নম্বৰ- ৪৭৮
সপ্তম স্থানঃ বিশাল বিকাশ বৈশ্য, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা। লাভ কৰা নম্বৰ- ৪৭৭
অষ্টম স্থানঃ অষ্টম স্থান লাভ কৰিছে ৪গৰাকী শিক্ষাৰ্থীয়ে। ৰিয়া শইকীয়া, কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী, বৰপেটা, দীক্ষিতা চহৰীয়া, পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং, অভিনন্দা হাজৰিকা, কটন বিশ্ববিদ্যালয়, গুৱাহাটী, নিখিল দাস কামৰূপা গাৰ্লছ ছিনিয়ৰ স্কুল, কামৰূপ। তেওঁলোকে লাভ কৰা নম্বৰ হৈছে – ৪৭৫
নৱম স্থানঃ ৰাস্না গগৈ, ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী, গোলাঘাট। লাভ কৰা নম্বৰ- ৪৭৪
দশম স্থানঃ দশম স্থান দখল কৰিছে ৩গৰাকী শিক্ষাৰ্থীয়ে। অনন্যা সূত্রধৰ, বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল, বঙাইগাঁও, মেঘনা বৰা, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও, দেৱীস্তুতি হাজৰিকা শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ। তেওঁলোকে লাভ কৰা নম্বৰ হৈছে- ৪৭৩
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/a8GrcXq
via IFTTT
Comments
Post a Comment