দিনে ৰাতিয়ে বন্যাৰ্তৰ মাজত থাকোতে মন্ত্ৰীৰ গৃহ বানৰ কবলত…

ডিজিটেল সংবাদ,নগাঁও: ৰাজ্য চৰকাৰৰ যুব মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ জলসম্পদৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে মন্ত্ৰী হাজৰিকা ৷ ৰাজ্যত এতিয়া মহাপ্ৰলয় ৷ বানৰ ফলত হাহাকাৰ পৰিবেশ চৌদিশে ৷ মহাপ্ৰলৰ বাবে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা দিনে ৰাতিয়ে ব্যস্ত ৷ দিনে ৰাতিয়ে যুব মন্ত্ৰী পীয়ুষ বানবিধস্ত এলেকাত ৷ বন্যাক্ৰান্তক কেনেকৈ সহায় কৰিব পাৰি তাৰ পৰিকল্পনাৰে দিন ৰাত একাকাৰ কৰিছে মন্ত্ৰীজনে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নদী উপনদীয়ে প্ৰলয়ৰ সৃষ্টি কৰাৰ সময়ত বন্যাক্ৰান্তৰ কাষত মন্ত্ৰী হাজৰিকা উপস্হিত হৈ থকাৰ সময়তে বানে দুৰ্যোগ কঢ়িয়াই আনিছে মন্ত্ৰীজনৰ গৃহলৈ ৷ নগাঁও জিলাৰ ৰহাত আছে মন্ত্ৰীজনৰ এটি গৃহ ৷ ৰহাস্হিত গৃহটি কপিলীৰ দ্বিত্বীয়টো বানত ডুব গৈছে ৷

বানৰ কবলত পৰিছে জলসম্পদ মন্ত্ৰীৰ ৰহাৰ গৃহটি ৷ গৃহটি চৌহদ সম্পূৰ্ণ ভাবে এতিয়া জলমগ্ন ৷ জানিব পৰা মতে জলসম্পদ মন্ত্ৰী হাজৰিকা ৰাজ্যৰ বন্যাক্ৰান্তৰ মাজত দিনে ৰাতিয়ে সময় অতিবাহিত কৰাৰ সময়ত কিন্তু নিজৰ ৰহাৰ গৃহটি বানৰ কবলত পৰাত গৃহটিৰ খবৰ এটা লবলৈকো আহৰি পোৱা নাই যুব মন্ত্ৰীজনে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ylib4M5
via IFTTT

Comments