জানুৱাৰীত আৰম্ভ হ’ব নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদনৰ কাম: কেন্দ্ৰীয় শক্তি মন্ত্ৰী

ডিজিটেল সংবাদ ধেমাজি : অসমৰ দল সংগঠনৰ প্ৰৱল প্ৰতিবাদকো আওকাণ কৰি বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনক বুঢ়া আঙুলি দেখুৱাই নিৰ্মান কাৰ্য অব্যাহত ৰখা বহু বিতৰ্কিত নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে ৯০% সম্পুৰ্ণ হৈছে ৷ আৰু মাত্ৰ কেইমাহ মানৰ পিছতেই চলিত বৰ্ষৰ ডিচেম্বৰ নতুবা জানুৱাৰী মাহৰ পৰাই বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব ।এই কথা মঙ্গলবাৰে সংবাদমেল যোগে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজ কুমাৰ সিঙে ঘোষনা কৰে ৷
সোমবাৰে সন্ধিয়াৰে পৰা মঙ্গলবাৰ পৰ্যন্ত দুদিনীয়াকৈ ধেমাজিলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সিঙে মঙ্গলবাৰে বিয়লি ৪.৩০ বজাত ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি তেওঁ কয় যে, বৃহৎ নদীবান্ধে অসমৰ বানপানীৰ কোনো সমস্যা সৃষ্টি নকৰে , দূৰহে কৰে ৷ উজনি সোৱনশিৰি , দিবাং, তাৱাং আদি অৰুনাচল প্ৰদেশৰ লগতে সমগ্ৰ উওৰ পুৰ্বাঞ্চলৰ পৰাই ১.২৪ লাখ মেগাৱাট বিদ্যুৎ উৎপাদনৰ কাম শীৰ্ঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি তেওঁ উল্লেখ কৰে ৷
নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে যি আন্দোলন হৈছিল সেইয়া কেৱল আৱেগিক আছিল, এতিয়া আৰু অসমৰ ৰাইজে এন এইচ পি চিৰ বিৰুদ্ধে আন্দোলন নকৰে বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে ৷ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হলে ইয়াৰ পৰা অৰুনাচল প্ৰদেশে ২৫% শতাংশ বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰাৰ বিপৰীতে অসমে মাত্ৰ ২% শতাংশ বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব বুলিহে উল্লেখ কৰে ৷
তাৎপৰ্যপূৰ্ণভাৱে সোমবাৰে সন্ধিয়া এন এইচ পিৰ পাৱাৰ হাউচৰ পৰিদৰ্শনৰ আগমুহূৰ্ত্তত সাংবাদিক সকলৰ সাক্ষাৎকাৰত চলিত বৰ্ষৰ অক্টোবৰ , নৱেম্বৰ মাহৰ পৰাই এন এইচ পিৰ প্ৰকল্পৰ বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব বুলি কৈছিল যদিও মঙ্গলবাৰে আকৌ সংবাদমেলত ডিচেম্বৰ অথবা জানুৱাৰী মাহৰ পৰাহে বিদ্যুৎ উৎপাদন হ’ব বুলি উল্লেখ কৰে ৷ ইফালে এন এইচ পি চিৰ নামনি অংশত ডে’মৰ পৰা সম্ভাব্য বিপদজনক বিষয়টো লৈ অসমৰ বিভিন্ন দল ,সংগঠন আৰু ৰাইজে দাবী কৰি আহিছে ৷
কেন্দ্ৰীয় শক্তি মন্ত্ৰী হিচাপে ইয়াৰ কিবা ব্যৱস্থা কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীয়ে একেষাৰতে প্ৰয়োজন হ’লে সকলো স্থানতে ডেম বনাই দিম বুলি উল্লেখ কৰি এই বিষয়টো পুৰণা হৈ গ’ল বুলি কয়।
এতিয়া কিন্তু অসমৰ দল, সংগঠন অথবা ৰাইজে তেনে কোনো ধৰনৰ অভিযোগ কৰিব বুলি তেওঁ আশা কৰা নাই ৷ সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰীয়ে হাত যোৰ কৰি এন এইচ পি চিৰ কাম হোৱাত সহায় কৰিবলৈ সকলোলৈকে অনুৰোধ জনাই এই নামনি সোৱনশিৰি প্ৰকল্পৰ বিদ্যুৎ উৎপাদনৰ হ’লে অসমবাসী ৰাইজৰ অৰ্থনৈতিকভাৱে বহু উন্নতি হ’ব বুলিও জনায় ৷
ইয়াৰ পুৰ্বে কেন্দ্ৰীয় মন্ত্ৰীজনে চমৰাজানৰ গৰৈমাৰী সোনোৱাল গাঁওত সৌভাগ্য আচঁনিৰ হিতাধিকাৰী সকলৰ সৈতে মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰাজ কুমাৰ সিঙক হিতাধিকাৰীসকলে তেওঁলোকৰ মাহেকীয়া বিল অত্যাধুনিক অহা অভিযোগ কৰি দৰিদ্ৰ হিতাধিকাৰীসকলৰ বিল ৰেহাই দিবলৈও দাবী জনায় ৷ ইয়াৰ পিছতেই কেন্দ্ৰীয়ে মন্ত্ৰী জনে ক্ৰমে চেঙেলী পথাত জলজীৱন মিছনৰ হিতাধিকাৰী আৰু নলনীপামত মুদ্ৰা যোজনা হিতাধিকাৰী সকলৰ সৈতে মতবিনিময় হোৱা পিছতেই ধেমাজি কছাৰী ময়দানত জিলা বিজেপিৰ উপসভাপতি ৰিজু বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হিতাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰি ৮ বছৰীয়া মোদী চৰকাৰৰ কামকাজৰ উন্নয়নৰ খতিয়ান দিয়ে ৷
সভাত অসমৰ শিক্ষামন্ত্ৰী ডা°ৰনোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ উপস্থিত থাকে ৷ ইফালে বহু বিতৰ্কিত ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মানৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে আগন্তুক ডিচেম্বৰ মাহৰ পৰা বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰিব বুলি আজি ধেমাজি কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে কৰা মন্তব্যত জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷
এই সন্দৰ্ভত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে আজি অসমীয়া প্ৰতিদিনক কয় যে, সৰু বৰ নদীবান্ধে অসমৰ জনসাধাৰণৰ ব্যাপক খ্যতি কৰি অহাৰ স্বত্বেও নদীবান্ধৰ বিৰুধীতা কৰি শাসনলৈ অহা বিজেপি চৰকাৰে অসমৰ বিভিন্ন জাতীয় দল সংগঠন আৰু বৃহৎ জনমতক কুঠাৰঘাত কৰি বৃহৎ নদীবান্ধৰ সাপক্ষে ওকালতি কৰা কাৰ্যক ধিক্কাৰ দিছে ৷ আৰু কোনো কাৰনতে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মান সম্পুৰ্ণ হবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি হুংকাৰ দি কয় যে, ত্ৰিপাক্ষীক বৈঠকৰ সিদ্ধান্ত আৰু বিশেষজ্ঞ সমিতিৰ অধ্যয়নৰ প্ৰতিবেদন আজি পৰ্যন্ত ৰাজহুৱা নকৰাৰ অভিযোগ কৰিছে৷
আৰু পঢ়ক: অবৈধ চীনা নাগৰিকক আশ্ৰয় দি আৰক্ষীৰ জালত নগা যুৱতী…..
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LgzHv8w
via IFTTT
Comments
Post a Comment