চৰকাৰী বিভাগক বুঢ়া আঙুলি দেখুৱাই ধেমাজিত ভূ- মাফিয়াৰ দপদপনি…

ডিজিটেল সংবাদ , ধেমাজি : ৰাজ্যখনৰ বিভিন্ন স্হানত ভূ-মাফিয়া আৰু মাটি দালালে ৰাজহ চক্ৰৰ বিষয়া -কৰ্মচাৰী সকলৰ সৈতে জৰিয়ত হৈ গোপন ভাবে মাটি দালালৰ কাৰ্য অব্যাহত থকা সময়তে ধেমাজিতো
এনে এটা ভূ- মাফিয়া , আৰু মাটি দালাল চক্ৰই দিনে ৰাতিয়ে দপদপনি অব্যাহত ৰখা গুৰুতৰ অভিযোগ উথাপিত হৈছে ৷
উল্লেখ্য যে ঢকুৱাখনাৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নৱ দলেৰ পত্নী কৰবী দলেয়ে ধেমাজি নগৰৰ ভৰালীচুকৰ মাটি ২৪২ নম্বৰ দাগৰ ৭৯ নম্বৰ পট্টাৰ ১বিঘা ১৫ লোচা মাটি দেৱ কুমাৰ দাস আৰু ঊষাৰাণী দাসৰ পৰা
২০১৫ চনৰ ২৪ জুলাইত ৯৩ লাখ টকাত দলিল চুক্তি কৰি আগধন হিচাপে ১৬ লাখ টকাত মাটিখিনি প্ৰাক্তন মন্ত্ৰীৰ পত্নী কৰবী দলেহে ক্ৰয় কৰিছিল ৷
তাৎপৰ্যপূৰ্ণ যে মন্ত্ৰীৰ পত্নীয়ে ক্ৰয় কৰা মাটি কেইবাবছৰো হৈ যোৱা পৰ্যন্ত নিজৰ নামলৈ হস্তান্তকৰন নকৰাকৈ ৰাখি থোৱা সুযোগ কৰিয়েই মাটি মালিকৰ সৈতে দালাল চক্ৰটোৱে জৰিয়ত হৈ ধেমাজি জ্যোতিনগৰ স্থিত এগৰাকী কুকুৰা ব্যৱসায়ী প্ৰিয়ব্ৰত বৰুৱাক ১ কোটি ৪৮ লাখ টকাত কৌশলে বিক্ৰী কৰা অভিযোগ উত্থাপিত হৈছে ৷
অভিযোগৰ তথ্য অনুসৰি ঢকুবাখনা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নৱ দলে পত্নী কৰবী দলে বিগত মাহৰ ১৩ মে’ত ঢকুৱাখনা আৰক্ষী থানাত মাটি মালিক দেৱ দাস আৰু ঊষাৰাণী দাস আৰু বয়লাৰ ব্যৱসায়ী প্ৰিয়ব্ৰত বৰুৱা বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি ১২০ বি/ ৪০৬/ ৪২০/৪৬৭/ ৪২৩/৩৪ ধাৰাত ৮৯/২০২২ নম্বৰৰ এটি গোচৰ ৰোজুৰ কৰে৷ গোচৰত উল্লেখ কৰা মতে মন্ত্ৰীৰ পত্নীয়ে ক্ৰয় কৰা মাটি ভূ- মাফিয়া দালালৰ জৰিয়তে দেৱ দাস আৰু ঊষাৰাণী দাসে পুনৰ প্ৰিয়ব্ৰত বৰুৱা নামৰ বয়লা ব্যৱসায়ী জনক বিক্ৰী কৰা বিষয়ে স্পষ্টকৈ উল্লেখ কৰিছে ৷
ইফালে প্ৰিয়ব্ৰত বৰুৱাই মন্ত্ৰীৰ পত্নী গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লৈ চলিত মাহৰ ৪ জুনত ধেমাজি সদৰ আৰক্ষী থানাত দেৱ দাস , ঊষাৰাণী দাস , ভৱেশ বৰুৱা আৰু ধেমাজি পৌৰ সভাৰ কৰ্মচাৰী শৰৎ শইকীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি ৪২০/ ৪০৬/ ৪৬৭/ ৫০৬/ ৩৪ ধাৰত ১০১/২০২২ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰিছে ৷ প্ৰিয়ব্ৰত বৰুৱাই গোচৰত উল্লেখ কৰামতে ২ নং চিলাপথাৰ ব্লক চিলাপথাৰৰ ভৱেশ বৰুৱা আৰু ধেমাজি পৌৰ সভাৰ কৰ্মচাৰী শৰৎ শইকীয়াৰ জৰিয়তে দেৱ দাস আৰু ঊষাৰাণী দাসৰ পৰা উক্ত খিনি ক্ৰয় কৰা হৈছিল বুলি গোচৰত উল্লেখ কৰিছে।
ইতিমধ্যে বৰুৱাই চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীতেই ধেমাজি পৌৰ সভাৰ পৰা আপত্তি বিহীন প্ৰমান পত্ৰ , ১৭ ফেব্ৰুৱাৰীত ই- ষ্ট্ৰাম্পত চৰকাৰী আবেদনৰ জৰিয়তে চৰকাৰক ৩৮ হেজাৰ ক’ৰ আদায় কৰা লগতে বৰুৱাৰ নামত মাটি পঞ্জীয়নও ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ত প্ৰিয়ব্ৰত বৰুৱা নামলৈ ইতিমধ্যে মাটি হস্তান্তকৰন হৈছে ৷ তাৎপৰ্যপূৰ্ণ বিষয় এই যে ই- ষ্ট্ৰাম্পত ৭৬ হেজাৰ দেখোৱা হৈছে যদিও মাত্ৰ ৩৮ হেজাৰ টকা আদায় দিয়া লগতে
তেওঁ ক্ৰয় কৰা ১ বিঘা ১৫ লোচা মাটি চৰকাৰী মূল্যত মাত্ৰ ১৯ লাখ টকা বুলিহে দুখোৱা হৈছে ৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভূ- মাফিয়া , মাটি দালালক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ ৰাজ্যৰ আৰক্ষী থানা সমূহলৈ কাৰা নিৰ্দেশ দিয়া পিছতো এনেদৰে ভূ- মাফিয়া দালালে চৰকাৰকো বুঢ়াআঙুলি দেখোৱাই ক’ৰ ফাকি দি অবাধে দপদপাই থকাটোৱে এক চৰ্চিত বিষয় হৈছে৷
আৰু পঢ়ক: মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছত কাৰ্যালয়ত উপস্থিত জয়ন্ত মল্ল বৰুৱা…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/eQAKjv3
via IFTTT
Comments
Post a Comment