বকোত বিনামূলীয়া চাউল দিয়াৰ নামত সুলভ মূল্যৰ দোকানীৰ ধন সংগ্ৰহ…

ডিজিটেল সংবাদ, বকোঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ জৰিয়তে দুখীয়া-দৰিদ্ৰক বিনামূলীয়া চাউল দিয়াৰ নামত কামৰূপ জিলাৰ বকোত হিতাধিকাৰীৰ পৰা সুলভ মূল্যৰ দোকানৰ এজেণ্টে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ।
জানিবপৰা মতে ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বন্দাপাৰা চ’কত থকা সুলভ মূল্য আৰু খুচুৰা সা-সামগ্ৰীৰ দোকান বেকেলী গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ অধীনৰ শিলবড়ীগাঁৱৰ এজেণ্ট কৌশল্যা ৰাভাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ জৰিয়তে বিনামূলীয়া চাউল লাভ কৰা হিতাধিকাৰীৰ পৰা তিনি হেজাৰ টকাকৈ ধন সংগ্ৰহ কৰি আহিছে ।
স্বামী প্ৰয়াত কেশৱ ৰাভাৰ নামত থকা সুলভ মূল্য আৰু খুচৰা সা-সামগ্ৰীৰ দোকানখনত টকা দিব নোৱাৰাৰ বাবে বহু কেইগৰাকী হিতাধিকাৰীৰ বিনামূলীয়া চাউল বন্ধ পৰ্যন্ত কৰি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে । অভিযোগ মতে কৌশল্যা ৰাভাই বন্দনা ৰাভা নামৰ হিতাধিকাৰীক বিনামূলীয়া চাউল লাভ কৰিবলৈ হ’লে তিনি হেজাৰ টকা লাগিব বুলি কয় ।
বাহিৰত বৰষুণ নপৰোতে ঘৰৰ মজিয়াত বৰষুণ পৰা অতি দুখীয়া মহিলাগৰাকীয়ে কোনোমতে ধাৰ-ঋণ কৰি পঁচিশ শ টকা দিয়ে যদিও বাকী পাঁচশ টকা দিব নোৱাৰাৰ বাবে এজেণ্ট কৌশল্যা ৰাভাই বন্দনা ৰাভাৰ ঘৰৰ পৰা ৰেচন কাৰ্ডখনকে কাঢ়ি নিয়াৰ
দৰে গৰ্হিত আৰু অমানৱীয় কাৰ্য কৰিছে । একেদৰে জানকী ৰাভা নামৰ হিতাধিকাৰীগৰাকীৰ পৰা তিনি হেজাৰ টকা ইতিমধ্যে সংগ্ৰহ কৰিছে । কিন্ত ৰেচন কাৰ্ডখনহে এতিয়ালৈ দিয়া নাই । আটাইতকৈ দুখৰ কথা – বকো শিলোবড়ী গাঁৱৰ মাতু দাস ৰাভা আৰু ৰীতা ৰাভা নামৰ অতি দুখীয়া-দৰিদ্ৰ হিতাধিকাৰী দুগৰাকীক টকা দিব নোৱাৰাৰ বাবে যোৱা তিনি মাহে এজেণ্টগৰাকীয়ে বিনামূলীয়া চাউল দিয়া নাই।
উল্লেখিত হিতাধিকাৰী কেইগৰাকী মাথো কেইগৰাকীমানৰ উদাহৰণহে । এজেণ্ট কৌশল্যা ৰাভাই কম্পিউটাৰত কাম কৰাৰ লগতে চৰকাৰী বিষয়াক টকা দিব লাগে বুলি দোকানখনৰ হিতাধিকাৰীসকলৰ পৰা ধন সংগ্ৰহ কৰি আহিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/TOsw6lm
via IFTTT
Comments
Post a Comment