নগাঁও পৌৰসভাৰ বিশ্ব পৰিবেশ দিৱসৰ সামৰণি অনুষ্ঠান…

ডিজিটেল সংবাদ,নগাঁও: বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও পৌৰসভাই সপ্তাহ যোৰা কাৰ্যসূচীৰে পৰিবেশ দিৱসৰ কাৰ্যসূচী উদযাপন কৰে।সপ্তাহযোৰা কাৰ্যসূচীৰে পালন কৰা পৰিবেশ দিৱসৰ কাৰ্যসূচীৰ শণিবাৰে সামৰণি পৰে। নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশ্ব পৰিবেশ দিৱসৰ সামৰণি অনুষ্ঠান উপলক্ষে বঁটা বিতৰণী সভাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
নগাঁও চহৰখনক সেউজ কৰি ৰখাৰ উদ্দেশ্য নগাঁও পৌৰসভাই গ্ৰহণ কৰা সপ্তাহযোৰা পৰিবেশ দিৱসৰ কাৰ্যসূচী শলাগ লবলগীয়া। সপ্তাহযোৰা পৰিবেশ দিৱসৰ সামৰণি অনুষ্ঠানত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ,নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকী ,নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা,পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰীতম শৰ্মা প্ৰমুখ্যে পৌৰসভাৰ পৌৰ আয়ুক্ত সকল পৌৰসভাৰ কৰ্মচাৰী সকল, শুভাকাংখী সকল, ছাত্র-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/oJSXiWA
via IFTTT
Comments
Post a Comment