নাগালেণ্ডৰ অটিঙৰ গণহত্যাত জড়িত ৩০ গৰাকীৰ সেনাৰ বিৰুদ্ধে আদালত চাৰ্জশ্বিট দাখিল বিশেষ তদন্তকাৰী দলৰ…

ডিজিটেল সংবাদ, ৱাখাঃ ২০২১ চনৰ ৪ ডিচেম্বৰত নাগালেণ্ডৰ ম’ন জিলাৰ অটিঙত সেনাৰ ২১ নং পেৰা কমাণ্ডোৰ স্পিচিয়েল ফৰ্ছে ১৪ গৰাকীকৈ নিৰীহ গঞাৰ ওপৰত গুলীচালনা কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত ৩০ সেনা জোৱানৰ বিৰুদ্ধে নাগালেণ্ড চৰকাৰৰ বিশেষ তদন্তকাৰী দলে আদালত চাৰ্জশ্বিট দাখিল কৰিছে ।

শনিবাৰে ডিমাপুৰৰ ছুমুকেডিমাত সংবাদ মাধ্যমৰ আগত নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰে এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰি কয় যে অটিঙৰ সেনাৰ ভয়ংকৰ এম্বুশত জৰিত থকা এজন মেজৰ পৰ্যায়ৰ বিষয়াসহ ২৯ জন জোৱানৰ বিৰুদ্ধে এছ আই টি দলে চলাই থকা তদন্ত সম্পূৰ্ণ কৰিছে আৰু মন জিলা সত্ৰ ন্যায়ধীশৰ আদালত সেনা দলটোৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে । চাৰ্জশ্বিটত এগৰাকী মেজৰ , দুগৰাকী ছুবেদাৰ, আঠ গৰাকী হবলডাৰ, চাৰি গৰাকী নায়ক আৰু ছয় গৰাকী লেন্সনায়কসহ আৰু নগৰাকী পেৰা ট্ৰুপাৰৰ নাম উল্লেখ কৰা হৈছে।

তেওঁ কয় -তদন্তৰ সময়ত লাভ কৰা তথ্য- পাতি পৰীক্ষাৰ বাবে গুৱাহাটী, হায়দৰাবাদ আৰু চণ্ডীগড়ৰ ফৰেনছিক লেবেটৰীলৈ প্ৰেৰণ কৰা হৈছিল। সেই ফৰেনছিক লেবেটৰীৰ পৰা লাভ কৰা পৰীক্ষাৰ প্ৰতিবেদনক সুক্ষ্মভাৱে বিশ্লেষণ কৰি সেনাৰ ৩০ গৰাকী জোৱানৰ বিৰুদ্ধে মোকৰ্দমা চলাবলৈ চাৰ্জশ্বিট দাখিল কৰা হৈছে। জানিব পৰামতে নাগালেণ্ড চৰকাৰে গঠন কৰা এছ আই টিয়ে কৰা তদন্তত এই কথা পোহৰলৈ আহিছে যে সেনাই অভিযান চলোৱাৰ সময়ত কোনো ধৰণৰ ষ্টেণ্ডাৰত অপৰেটিং প্ৰছিজাৰ অৰ্থাৎ এছ অ পিৰ নিয়ম মনা নাছিল ।

ইফালে এই ভয়ংকৰ এম্বুশৰ সৈতে জৰিত থকা সেনা দলটোৰ ছাৰ্জশ্বিটত নাম উল্লেখ কৰা দোষী জোৱানৰ বিৰুদ্ধ কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় এছ আই টিয়ে । লগতে নাগালেণ্ড আৰক্ষীয়ে প্ৰতিৰক্ষা মন্ত্ৰীলৈ দোষী সেনাৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি বিচাৰি এক সুকীয়া পত্ৰ প্ৰেৰণ কৰিছে । ইফালে অটিঙ ঘটনাৰ সন্দৰ্ভত সেনাৰ ফালৰ পৰা এজন সেনা জেনেৰেল তত্ত্বাৱধানত কৰ্ট অৱ ইনকুৱেৰিৰ তদন্ত চলাই থকা হৈছে ।

সেনাৰ তদন্তকাৰী দলে ইতিমধ্যে অটিঙৰ এম্বুশৰ ঘটনাস্থলি , পৰিস্থিতি আৰু গাঁওবাসীক লগ ধৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিছে । উল্লেখযোগ্য যে ২০২১ চনৰ ৪ ডিচেম্বৰ বিয়লি ৪:৩০ বজাত আপাৰ টিৰু পাহাৰৰ পৰা কয়লা খনন কৰি অটিঙ বস্তিলৈ বগা ৰঙৰ বলেৰ’ পিক আপ ভানেৰে উভতি গৈ থকাৰ পথত লংখা নামৰ ঠাইত যোৰহাটৰ পৰা যোৱা সেনাৰ নং ২১ পেৰা কমাণ্ডোৰ এটা দলে চোৰাংচোৱা গোপন খবৰ ভিত্তিত এন এছ চি এন কে ৱাই আৰু আলফা স্বাধীন এটা দল গৈ বুলি ভুলবশত এম্বুশ কৰি ৬ গৰাকীকৈ কয়লা শ্ৰমিকক গুলীয়া থকা -সৰকা কৰিছিল ।

ইয়াৰ পিছত নিশা গাঁওবাসীয়ে শ্ৰমিক কেইজনৰ মৃতদেহ বিচাৰি ঘটনাস্থলিত উপস্থিত হোৱাৰ সময়ত লগা সংৰ্ঘষ এজন সেনা জোৱান নিহত হোৱাৰ লগতে অন্য ৮ জনৰ নিৰীহ গঞাৰ মৃত্যু হৈছিল । এই ঘটনাৰ পিছতে সমগ্ৰ নাগালেণ্ডত সেনাৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠাত নাগালেণ্ড চৰকাৰে অটিঙ ঘটনাৰ তদন্ত বাবে এছ আই টি গঠন কৰি তদন্ত অব্যাহত ৰাখিছিল ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/mwZgWA4
via IFTTT

Comments