চাৰিওফালে হাহাকাৰঃ আপোনজনৰ মৃতদেহ সৎকাৰৰ বাবেও সমস্যা বৰ্ন্যাতৰ…

ডিজিটেল সংবাদ,নগাঁও: সপোনৰ ঘৰখন ভাঙি থান বান হ’ল ৷ নিশাৰ ভিতৰতে অহা বলীয়া বানে ডুবাই পেলালে সপোনৰ শান্তিৰ আশ্ৰমখন ৷ পৰিয়ালটোক লৈ কোনোমতে দৌৰি ওখ স্হানত উপস্হিত হ’ল ৷ গোহালিৰ গৰু কেইটাৰ পঘা দাল সোলোকাই পুনৰ লৰ মাৰিব লগা হ’ল ৷ পানী আঠুলৈকে উজালে ৷
চাওঁতে চাওঁতে পানী বাঢ়িল ৷ মূধচলৈকে পানী উঠিল ৷ গাঁৱৰ মানুহবোৰ তেনেদৰে ওখ স্হানে স্হানে সমবেত হ’ল ৷ ঘিটমিটিয়া আন্ধাৰ ৷ কোবাল সোঁতত বৈ যোৱা পানীৰ প্ৰচণ্ড শব্দ ৷ পানীৰ কোবাল সোঁতৰ শব্দৰ মাজত পৰিয়ালটোক সাৱতি বহি থাকোতে ফেহুজালি দিলে ৷ পূবত ৰঙা বেলিটো ৷
তেনেকৈ দুপৰ হ’ল ৷ চৌদিশে পানী পানী ৷ বৃদ্ধি পাই আছে পানীৰ পৰিমান ৷ বিয়লি হ’ল ৷ পেটত সকলোৰে কলকলনি ৷ বেলি লহিয়ালে ৷ নিশালৈ অহা বৰষুনজাকৰ পৰা হাত সৰাৰ উপায় নাই ৷ আশাৰ কিৰন ঢালি পূব আকাশত সুৰুজৰ ভূমুকি ৷
পুৱাতে ওলালহি এখন এছ ডি আৰ এফৰ এখন মেচিনযুক্ত ৰবৰৰ নাঁও ৷ লৈ যোৱা হল আশ্ৰয় শিবিৰলৈ লোকসকলক ৷ শিবিৰত পৰ্যাপ্ত খাদ্য নাই ৷ চৌদিশে পানীময় হৈ যাতায়ত বিচিন্ন ৷ মানুহ উদ্ধাৰ কৰিবনে খাদ্য আনিব এছ ডি আৰ এফে ৷ তাৰ মাজতে আনিছে সামান্য পৰিমানে খাদ্য-পানী ৷ পিন্ধিবলৈ বুলি গাতে থকা কাপোৰজোৰ তেনেকে গাতে আছে ৷
দিন যোৱা লগে লগে কিছু সকাহ চৰকাৰৰ ঘৰৰ পৰা ৷ পানী কমে আকৌ বাঢ়ে ৷ তাৰ মাজতে টুলুঙা নাঁও , ভূৰ লৈ পানীত আবদ্ধ ঘৰখনলৈ কোনো গৈছে ৷ আশ্ৰয় শিবিৰলৈ কিবা আনিব পাৰি নেকি ?
১৫ জুনৰ পৰা ২৯ জুন ৷ কপিলীৰ জলপৃষ্ঠ বিপদসীমাৰ তলত যদিও প্ৰলয়ৰ সৃষ্টি কৰা সকলোতে পানী ৷ প্ৰলয়ৰ বাবে বুধবাৰৰ দিনটোত ৫ লাখ ১৯ হাজাৰ ৩৭৪ লোক বানৰ কবলত ৷ ৩২৫ খন গাঁও পানীৰ মাজত ৷ ১৮ হাজাৰ ৭৫৭ শ হেক্টৰ কৃষি ভূমি প্লাবিত ৷ তাৰ মাজতে আহিছে আপোন জনক হেৰুৱা দুখবৰ ৷
পানীৰ বাবে মৃতকক সৎকাৰ কৰিবলৈ স্হানৰ অভাব ৷ সৎকাৰ কৰিবলৈ কাঠ-বাঁহৰ অভাব ৷ প্ৰলয়ৰ বাবে জানো মৃতদেহ সৎকাৰ নকৰাকৈ থাকিব পাৰি ৷ আপোনজনক শেষ বিদায় নিদিয়াকৈ কেনেকে থাকে ৷ প্ৰলয়ৰ মাজত লব লগা হৈছে কঠোৰ সিদ্ধান্ত ৷
নগাঁৱৰ ফুলগুৰিত পানীত ডুবি বুধবাৰে মৃত্যু হ’ল নয়ন মণি ডেকা নামৰ যুবকজনৰ ৷ পশু খাদ্যৰ অভাবৰ বাবে নাঁৱত উঠি ঘাঁহ কাটিবলৈ যাঁওতে পৰি যায় দ খাৱৈত ৷ নয়ৰ শেষ ৰক্ষা নহল ৷ গাঁৱৰ মুনিহ তিৰুতা উঠি গ’ল ৷ নয়নৰ মৃতদেহ উদ্ধাৰ হয় ৷ আহিল সৎকাৰৰ কথা ৷ চৌদিশে পানী ৷ ক’ত কৰিব সৎকাৰ ৷ সিদ্ধান্ত লৈ ঘৰৰ কাষতে কৰা হ’ল সৎকাৰ ৷
ৰহা দীঘলদৰি কাকতি গাঁৱত শেষ নিশ্বাস ত্যাগ কৰিলে টিকেন নাথে ৷ বানৰ কবলত পৰা এলেকাটো সৎকাৰৰ বাবে স্হানৰ অভাব ৷ বৃদ্ধ নাথৰ মৃতদেহটি ক’ত কৰা হব সৎকাৰ ৷ গঞাঁৰ সিদ্ধান্ত পথ হিচাপে ব্যৱহাৰ কৰা মথাউৰিৰ ওপৰতে কৰা হওঁক সৎকাৰ ৷
ইফালে নগাঁৱৰ প্ৰশাসনে আহ্বান জনাইছে মৃতদেহ সৎকাৰৰ বাবে নগাঁও চহৰৰ স্মশানলৈ মৃতদেহ আনিব পাৰিব ৷ দুই একে স্মশানলৈ আনি মৃতদেহ সৎকাৰো কৰিছে ৷ কিন্তু গৰিষ্ঠ সংখ্যকে আনিব পৰা নাই ৷ কিয়নো যাতায়তৰ সমস্যা ৷ লগতে আছে অৰ্থ আৰু মৃতদেহ কঢ়িওৱা যানৰ সমস্যা ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/IimJsdp
via IFTTT
Comments
Post a Comment