১০ ঘণ্টা পৰ্যাপ্ত নহ’ল ! আজি পুনৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৰাহুল গান্ধী…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোমবাৰে নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত ইডিয়ে ১০ ঘণ্টাতকৈও অধিক সময় সোধপোছ কৰাৰ পিছত যাবলৈ দিয়ে যদিও আজি পুনৰ তদন্তকাৰী সংস্থাটোৱে সোধপোছৰ বাবে তেওঁলোকৰ সন্মুখত ৰাহুল গান্ধীক হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। ৰাহুল গান্ধীক সোমবাৰে ৰাতিপুৱাৰে পৰা প্ৰায় তিনি ঘণ্টা ধৰি নেচনেল হেৰাল্ড গোচৰ সম্পৰ্কত সোধা-পোছা কৰা হৈছিল।

ইয়াৰ পিছত তেওঁক অসুস্থ মাতৃ ছোনিয়া গান্ধীক সাক্ষাৎ কৰিবলৈ ছাৰ গংগাৰাম চিকিৎসালয়লৈ যোৱাৰ অনুমতি প্ৰদান কৰা হৈছিল।ইয়াৰ পিছত পুনৰ তেওঁক দ্বিতীয়বাৰৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয় (ই ডি)ৰ কাৰ্যালয়ত উপস্থিত হয় আৰু ৭ ঘণ্টা ধৰি তদন্তকাৰী বিষয়াই তেওঁক সোধা-পোছা কৰে।

উল্লেখ্য যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক নেচনেল হেৰাল্ড বাতৰি কাকতৰ সৈতে সম্পৰ্কিত কথিত ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছা কৰা হৈছে। ৰাহুল গান্ধীৰ উপৰিও ছোনিয়া গান্ধীকো ইডিয়ে এই বিষয়ত তলব কৰিছিল যদিও তেওঁ অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়।

ইডিয়ে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আয়কৰ বিভাগৰ তদন্ত প্ৰতিবেদনৰ ওপৰত গুৰুত্ব দিয়াৰ পিছত নেতাসকলৰ বিৰুদ্ধে এটা ধন ৰপ্তানিৰ গোচৰ ৰুজু কৰিছিল।গোচৰটোত জালিয়াতি আৰু ইয়ং ইণ্ডিয়াৰ দ্বাৰা এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডৰ অধিগ্ৰহণত অপৰাধমূলক বিশ্বাস ভঙ্গৰ দৰে অভিযোগো উত্থাপন কৰা হৈছে।

কংগ্ৰেছে অভিযোগ কৰিছে যে এয়া বিজেপিৰ প্ৰতিহিংসাৰ ৰাজনীতিৰ অংশ। সোমবাৰে পুৱা ৰাহুল গান্ধী ইডিৰ কাৰ্যালয়লৈ যোৱাৰ সময়ত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। দেশজুৰি হোৱা কংগ্ৰেছৰ এই প্ৰতিবাদৰ মাজতে ৰাহুল গান্ধীৰ সৈতে সমদল কৰি ই ডিৰ কাৰ্যালয়লৈ যোৱা কংগ্ৰেছ কৰ্মীৰ সৈতে আৰক্ষীৰ হতাহতিও হয়। কংগ্ৰেছে সমগ্ৰ দেশতে অৱস্থিত ইডিৰ ২৫ টা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰিছিল।

ৰাহুল গান্ধী ই ডিৰ কাৰ্যালয়ৰ ভিতৰলৈ যোৱাৰ পিছত, কংগ্ৰেছৰ সকলো জ্যেষ্ঠ নেতাই কাৰ্যালয়ৰ বাহিৰত ধৰ্ণাত বহিছিল। পি চিদাম্বৰম, অধীৰ ৰঞ্জন চৌধুৰী, কেচি বেণুগোপাল, দীপেন্দ্ৰ হুডা আৰু জয়ৰাম ৰমেশৰ দৰে কেইবাজনো কংগ্ৰেছ শীৰ্ষ নেতাক আৰক্ষীয়ে জিম্মাত লৈ থানালৈও লৈ যায়।

আৰক্ষীৰ লগত হোৱা এনে হতাহতিৰ ফলতেই পি চিদাম্বৰমৰ পিঠিৰ হাঁড় ভাঙি যোৱাৰ খবৰ প্ৰকাশ পাইছে। গুৰুতৰ ভাৱে অসুস্থ চিদাম্বৰমক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এটা ভিডিঅ’ত পোহৰলৈ আহিছে আৰক্ষীয়ে কংগ্ৰেছ নেতা কেচি বেণুগোপালক বলপূৰ্বক উঠাই বাছলৈ লৈ গৈছে।

কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই কৈছে যে- দিল্লী আৰক্ষীৰ দ্বাৰা ঠেলি দিয়াৰ বাবে চিদাম্বৰমৰ পাঁজৰ ভাঙি গৈছে। সুৰজেৱালাই অভিযোগ কৰিছে- আন এজন কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীক আৰক্ষীয়ে ৰাস্তাত দলিয়াই দিয়াৰ ফলত মূৰত আঘাত পাইছে।

ইফালে দিল্লী আৰক্ষীয়ে কৈছে যে ইডিৰ সন্মুখত ৰাহুল গান্ধীৰ উপস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ স্বৰূপে পদযাত্ৰা কৰাৰ সময়ত ৪৫৯ জন কংগ্ৰেছ কৰ্মীক আটক কৰা হৈছে। এইসকলৰ ভিতৰত ২৬ জন সাংসদ আৰু ৫ জন বিধায়ক অন্তৰ্ভুক্ত আছে। আনহাতে দিল্লী আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত হাতাহাতি আৰু আঘাতৰ অভিযোগ সতৰ্কতাৰে তদন্ত কৰা হ’ব বুলিও মন্তব্য কৰিছে।

ক্লিক কৰি পঢ়কঃ IPL সম্প্ৰচাৰৰ বিনিময়ত BCCI ৰ উপাৰ্জন ৪৬ হাজাৰ কোটি : বিশ্বৰ আটাইতকৈ ধনী লীগলৈ ৰূপান্তৰ….



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/fZpH7wR
via IFTTT

Comments