উদ্ধাৰ হ’ল কামপুৰৰ বানত উটি যোৱা ভাৰপ্ৰাপ্ত আৰক্ষা বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ….

অৱশেষত উদ্ধাৰ হ’ল কাপমপুৰৰ বানত উটি যোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মজুজ্জ্বল কাকতি। দেওবাৰে নিশা এক গোচৰৰ তদন্তৰ বাবে যাওঁতেই নদীৰ সোঁতত পৰি উটি গৈছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু আৰক্ষী কনিষ্টবল ৰাজীৱ বৰদলৈ। এছ ডি আৰ এফ বাহিনী আৰু স্থানীয় আৰক্ষীয়ে অভিযান চলাই প্ৰথম অৱস্থাত আৰক্ষী কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰু সমুজ্জ্বল কাকতি নিৰুদ্দিষ্ট হৈ আছিল।
আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই দুয়োৰে মৃতদেহ উদ্ধাৰ কৰিছে। উল্লেখ্য যে গুৱাহাটীৰ চাংসাৰিৰ সমুজ্জ্বল কাকতিয়ে মাত্ৰ ১ টা মাহ পূৰ্বে কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল। মাত্ৰ ১ টা মাহতে তেওঁ কামপুৰৰ বিভিন্ন লোকৰ মাজত আন্তৰিক সম্পৰ্ক গঢ়িবলৈ সক্ষম হৈছিল। অঞ্চলটোত নতুনকৈ যোৱাৰ বাবেই তেওঁ বাট-পথ ভালকৈ চিনি পোৱা নোপোৱাৰ বাবেই দেওবাৰে নিশা এই অঘটন সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে অনুমান কৰিছে। দুয়োগৰাকী আৰক্ষীৰ মৃত্যুত কামপুৰৰ লগতে আৰক্ষীৰ মাজত শোকৰ ছাঁ পৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/TcFfyhv
via IFTTT
Comments
Post a Comment