বান পীড়িতক প্ৰহাৰ গৃহৰক্ষী জোৱানৰ : উত্তপ্ত পাথৰিঘাট…

ডিজিটেল সংবাদ মঙলদৈঃ দেওবাৰে আবেলি দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত বান সাহায্য বিচাৰি শ শ বান পীড়িত লোকে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভিৰ কৰে। ইয়াৰ মাজতে এজন আৰক্ষীয়ে বান পীড়িতক গোৰ মৰাৰ লগতে প্ৰহাৰ কৰাক লৈ সৃষ্টি হয় উপ্তত পৰিস্হিতিৰ ।
এজন লোকে বান সাহায্যত ব্যৱহাৰ কৰা এখন ট্ৰেক্টৰত উঠিবলৈ লোৱাত আৰক্ষীয়ে ট্ৰেক্টৰ পৰা নামিবলৈ দিয়াত আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় আৰু ইয়াৰ বাবে লোক জনক গৃহৰক্ষী জোৱানে প্ৰহাৰ কৰে ।
পিছত জিলা উপায়ুক্ত, শীৰ্ষ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । জিলা উপায়ুক্তই সংবাদ মাধ্যমৰ আগত জিলা খনৰ বানাক্ৰান্তৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত থকাৰ কথা ব্যক্ত কৰে ।
ক্লিক কৰি পঢ়কঃ উদ্ধাৰ হ’ল কামপুৰৰ বানত উটি যোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ….
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/PTq1AuH
via IFTTT
Comments
Post a Comment