চিৰাঙত পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন সহ লক্ষাধিক টকাৰ সা-সামগ্ৰী…

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰাত শনিবাৰে সন্ধিয়াৰ ভাগত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়।বীৰণ বসুমতাৰী নামৰ এজন ঔষধ দোকানীৰ ঘৰত তিনিজনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটি নিয়ে নগদ আশী হেজাৰ টকা লগতে দুই লক্ষাধিক টকা মূল্যৰ সোণৰ গহনা ।
ডকাইতি কাণ্ডৰ খবৰ লাভ কৰি চিদলী থানাৰ আৰক্ষী বীৰণ বসুমতাৰীৰ বাসগৃহত আহি উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । তাৰ কিছু সময়ৰ পিছত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰা, উপ আৰক্ষী অধীক্ষক লব কুমাৰ ডেকাও আহি পৰিস্থিতিৰ বুজ লয় । বীৰণ বসুমতাৰীয়ে জনোৱা মতে সন্ধিয়া ৭:৪৫ মিনিটত কাশিকোত্ৰা চাৰিআলিত থকা নিজৰ ঔষধৰ দোকান বন্ধ কৰি ঘৰত সোমোৱাৰ সময়তে এখন মটৰচাইকেলত তিনিজন যুৱক তেখেতৰ ঘৰত আহি প্ৰৱেশ কৰে আৰু অতৰ্কিতে পিষ্টল উলিয়াই প্ৰথমতে ঘৰৰ অন্যান্য সদস্যক ভাবুকি প্ৰদান কৰে ।
তাৰ পিছত বীৰণ বসুমতাৰীক ঘৰৰ ভিতৰত সোমাই লৈ শাৰীৰিক ভাৱে প্ৰহাৰ কৰি নগদ আশী হেজাৰ টকা আৰু ষ্টিল আলমাৰি খুলি প্ৰায় দুই লক্ষাধিক টকা মুল্যৰ সোণৰ অলংকাৰ লুট কৰি লৈ যায় । সন্ধিয়াৰ ভাগত এনেধৰে পিষ্টল দেখুৱাই ডকাইতৰ দলে লুন্ঠন কাৰ্য্যই কাশিকোত্ৰা এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই কয় যে ”সমগ্ৰ তদন্ত প্ৰক্ৰিয়া প্ৰাথমিক অবস্থাত আছে সেয়ে এই মুহূৰ্তত একো ক’ব নোৱাৰি । কম সময়ৰ ভিতৰত আমি এই ডকাইতি কাণ্ডৰ সৈতে কোন জড়িত সেয়া আমি প্ৰকাশ কৰিবলৈ সক্ষম হ’ম ”।
আৰু পঢ়ক: মৰণৰ বান! পলকতে উটি গৈছে সপোনৰ ঘৰখন, কঙাল জনতাই বিচাৰিছে জিৰাবলৈ থল…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/cZIEN7i
via IFTTT
Comments
Post a Comment