কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনঃ বেলট ভোটৰ গণনাত বিজেপি প্ৰাৰ্থীৰ আধিপত্য…

ডিজিটেল ডেস্কঃ কাৰ্বি স্বায়ত্ত পৰিষদৰ ভোটগণনা অব্যাহত আছে। হামৰেন, ডিফু আৰু বোকাজানত ২৬টা পৰিষদীয় সমষ্টিৰ ১৫৪জন প্ৰাৰ্থীৰ বিপৰীতে পৰা পোষ্টেল বেলটৰ ভোটগণনা চলি আছে। এই গণনা কিছু সময়ৰ পিছতে অন্ত পৰিব। প্ৰাৰম্ভিক পৰ্যায়ত সীমিত সংখ্যক পোষ্টেল ভোটৰ এই গণনাৰ ফলাফলত সামগ্ৰিকভাৱে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে।

এটা সমষ্টিত মাত্ৰ এগৰাকী বিৰোধী প্ৰাৰ্থী কিছু সংখ্যক ভোটেৰে আগবাঢ়ি আছে। অৱশ্যে পোষ্টেল বেলটৰ এই গণনাৰ নিৰ্বাচনী ফলাফলত বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰিব নোৱাৰি। প্ৰতিটো সমষ্টিৰ বাবে ১০খনকৈ টেবুলত আৰু মাত্ৰ এঘন্টাৰ ভিতৰতে মূল ভোটৰ গণনা আৰম্ভ হব। আৰু কিছু সংখ্যক সমষ্টিত ভোটাৰৰ সংখ্যা ১০হাজাৰতকৈ কম হোৱাৰ বাবে সোনকালেই এই সমষ্টিসমূহৰ ফলাফলো স্পষ্ট হব।

উল্লেখ কৰা প্ৰয়োজন যে, স্বায়ত্ত পৰিষদৰ এই নিৰ্বাচনৰ মূল প্ৰতিদ্বন্দ্বী হল শাসক দল বিজেপি, দ্বিতীয় স্থানত আছে এইচ এছ ডি এল চি। প্ৰধান বিৰোধী দল কংগ্ৰেছ দীৰ্ঘদিন স্বায়ত্ত পৰিষদৰ ক্ষমতাত আছিল যদিও এইবাৰৰ নিৰ্বাচনত এই দলৰ ভূমিকা প্ৰায় অস্তিত্বহীন। ইয়াৰ বিপৰীতে আপ, এইচ এচ এল ডি পি আৰু দুই এটা সমষ্টিত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা শাসক দল অসন্তুষ্ট প্ৰাৰ্থীয়েই যুজঁ দিয়াৰ সম্ভাৱনা আছে।

১৫ নং মহামায়া সমষ্টিৰ পোষ্টেল বেলটৰ ফলাফল

বিজেপি ৩৮
কংগ্ৰেছ ১৯
নিৰ্দলীয় ১৪

১০ নং হাওৰাঘাট সমষ্টিৰ পোষ্টেল বেলটৰ ফলাফল

বিজেপি ৫৯
কংগ্ৰেছ ২০
জি এছ পি ২
আপ ২

১৯ নং ধনশিৰী সমষ্টিৰ পোষ্টেল বেলটৰ ফলাফল

বিজেপি ৩৭
কংগ্ৰেছ ৪
নিৰ্দলীয় ১৭

বিজেপি ৩৭
কংগ্ৰেছ ৪
নিৰ্দলীয় ১৭



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Z41cNWQ
via IFTTT

Comments