হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্ৰীক পিছ পেলালে ছাত্ৰই…

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায়ে দেখা যায়, ছাত্ৰতকৈ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাই। সেই ধাৰাবাহিকতা এইবাৰ ভংগ হ’ল। ছাত্ৰীৰ তুলনাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক এইবাৰ। ৫৮.৮০ শতাংশ ছাত্ৰ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৪.৪৯ শতাংশ।

ডিষ্টিংছন নম্বৰ লাভ কৰা ছাত্ৰৰ সংখ্যাও ছাত্ৰীতকৈ অধিক। মুঠ ৪২৯৯ জন ছাত্ৰই ডিষ্টিংছন পোৱাৰ বিপৰীতে ৪০৭৪ ছাত্ৰীয়ে ডিষ্টিংছন লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ অধিক। ৭১৯৮ গৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে ৬৮৪৯গৰাকী ছাত্ৰই ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰতকৈ অৱশ্যে উত্তীৰ্ণ হোৱা ছাত্ৰীৰ সংখ্যা অধিক। ১১৮২৪৩ গৰাকী ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ১১০৮৮৮ গৰাকী ছাত্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান ছাত্ৰই লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰিছে ছাত্ৰীয়ে।

ক্লিক কৰি পঢ়কঃ কোন জিলাৰ পৰা কিমানজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিলে…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/43CsieT
via IFTTT

Comments