ইয়াত বিজেপিৰ হাত নাই! আমি বিধায়ক, গতিকে প্ৰাইভেট জেট-হোটেলত থাকিবলৈ আমাৰ ধন আছে…

ডিজিটেল ডেস্কঃ যোৱা শনিবাৰে মহাৰাষ্ট্ৰ উপাধ্যক্ষই শিৱসেনাৰ ১৬গৰাকী বিসম্বাদী বিধায়কলৈ তেওঁলোকৰ সদস্যপদ কিয় খাৰিজ কৰা নহব, তাৰ কাৰন দৰ্শাবলৈ জাননী দিয়াৰ পাছতে এতিয়া আদালতলৈ যোৱাৰ যোজা কৰিছে এই বিধায়সকলে। তেওঁলোকে এই সিদ্ধান্তৰ চেলেঞ্জ কৰিম বুলি হুংকাৰ দিয়াৰ লগতে বিজেপিৰ সৈতে কোনো যোগসূত্ৰ নথকা বুলি দাবী কৰিছে একনাথ সিন্দেৰ গোটে।
শেহতীয়াকৈ একনাথ সিন্দে গোটৰ এগৰাকী অন্যতম বিধায়ক দীপক কেশৰকাৰে( Deepak Kesarkar) সংবাদমাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- আমি শিৱসেনাৰ পৰা ওলাই যোৱা নাই । আমি শিৱসেনাৰ নামত নতুন দলৰো পোষকতা কৰা নাই। আমাৰ মনে যিটোকে শুদ্ধ বুলি কৈছে তাকেই কৰিছো। কিন্তু আমাৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ ৰাজপথত এনেদৰে মানুহক হাল্লা কৰিবলৈ দিয়াটো ভাল হোৱা নাই। কিছু লোকে দিয়া উচতনিৰ বাবেই এনে ঘটনা সংঘটিত হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, উপাধ্যক্ষই জাৰি কৰা কাৰন দৰ্শোৱাৰ জাননীৰ উত্তৰ ২৭জুনৰ ভিতৰত দিব লাগিব এই বিধায়ক সকলে। এই সময়সীমাক লৈও গুৱাহাটীত বাহৰ পাতি থকা বিসম্বাদী বিধায়ক দীপক কেশৰকাৰে কয়- আমাক কমেও এসপ্তাহৰ সময় দিব লাগিছিল। তথাপিও আমি সময় বিচাৰি আবেদন কৰিম।
ইফালে এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত সাংবাদিকে এইগৰাকী বিধায়কক প্ৰশ্ন কৰিছিল যে, আপালোকে প্ৰাইভেট জেটত চলা-ফিৰা কৰিছে, গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত আছে। ইমানবোৰ টকা কত পাইছে। ৰাইজে কব খুজিছে যে, বিজেপিয়ে আপোনালোকক এই ধন যোগান কৰিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয়- কিছুমান কথা অমূলক। আমি বিধায়ক, গতিকে এইখিনিৰ বাবে আমাৰ ওচৰত নিশ্চিতভাৱে ধন থাকিব। ইয়াৰ বাবে আমি সক্ষম। একাংশ লোকে বিজেপিয়ে সহায় কৰিছে বুলি ভাৱিলেও এই কথাৰ কোনো সত্যতা নাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7dJFX9B
via IFTTT
Comments
Post a Comment