ছচিয়েল মিডিয়াত চৰ্চাঃ প্ৰথম স্থানত লখিমপুৰৰ ৰক্তোৎপল…

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল আৰু কিছুসময়ৰ পাছতে ঘোষণা কৰা হব। আনুষ্ঠানিকভাৱে পুৱা ১০বজাত এই ফলাফল ঘোষণা কৰা হব যদিও ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত প্ৰথম ১০স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকা।

ছচিয়েল মিডিয়াত চৰ্চিত খবৰ অনুসৰি মুঠ ৫৫গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে। ভাইৰেল হোৱা এই তালিকাত প্ৰথম স্থান লাভ কৰিছে লখিমপুৰ চেন্টমেৰিজ স্কুলৰ ৰক্তোৎপল শইকীয়াই। দেখা পোৱা গৈছে এই তালিকা অনুসৰি লখিমপুৰ, নলবাৰী, পশ্চিম কাৰ্বি আংলং, বৰপেটা, গোলাঘাট, যোৰহাট, তিনিচুকীয়া, দৰং, গোৱালপাৰা, শিৱসাগৰ, কামৰূপ মেট্ৰ, নগাওঁ, শোণিতপুৰ, মৰিগাওঁ, বঙাইগাওঁ, কাছাৰ জিলাৰ শিক্ষাৰ্থী আছে এই স্থান প্ৰাপ্ত তালিকাত।

আনুষ্ঠানিকভাৱে ছেবাই পৰীক্ষাৰ ফলাফল ঘোষণাৰ কৰাৰ পাছতহে ইয়াৰ সবিশেষ জনাব পৰা যাব। চৰ্চিত খবৰ অনুসৰি এইবাৰ উৰ্ত্তীণৰ হাৰ পূৰ্বৰ বছৰবোৰৰ তুলনাত যথেষ্ট কম। ছেবাই ইতিমধ্যে ফলাফল চাবৰ বাবে ১৪টা ৱেবচাইটৰ নাম ঘোষণা কৰিছে। এইবাৰ মুঠ ৪১৯৮৮৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষাৰ্থী পৰীক্ষাত উৰ্ত্তীণ হৈছে। ছচিয়েল মিডিয়াত নিৰ্দিষ্ট সময়ৰ পূৰ্বে ফলাফল ঘোষণা কৰাৰ সকলৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ছেবাই।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/zsDXha3
via IFTTT

Comments