নিৰাপত্তাৰক্ষীক আক্ৰমণৰ ব্লু প্ৰিন্ট আলফাৰ! গৃহ মন্ত্ৰ্যালয়ৰ এলাৰ্ট…

ডিজিটেল ডেস্ক: ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা(স্বা)ৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

বিগত কেইটামান মাহত অসমৰ বহু যুৱক-যুৱতী আলফা(স্বা)ত যোগদান কৰাৰ খবৰ আহি পৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত শান্তি আলোচনাৰ আহ্বানক আলফা(স্বা)য়ে কিছু পৰিমাণে সঁহাৰি জনালেও অব্যাহত আছে আলফা(স্বা)ত সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া।

ইয়াৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে আলফা(স্বা)ৰ এনে সক্ৰিয়তাৰ প্ৰতি উদ্বিগ্ন হৈ এন আই এ ক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।

চোৰাংচোৱা সংস্থাৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে লাভ কৰা তথ্য অনুসৰি আলফা(স্বা)য়ে অসমত নিৰীহ নাগৰিকৰ লগতে নিৰাপত্তাৰক্ষীৰ ওপৰতো আক্ৰমণৰ ব্লু প্ৰিন্টচ ৰচনা কৰিছে। আনকি সশস্ত্ৰ সংগঠনটোৰ যুদ্ধ বিৰতিৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শিথিলতাৰ সুযোগ লৈ আলফাই পুনৰ অপহৰণৰ ঘটনা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

ইয়াৰ পাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয় উদ্বিগ্ন হৈ পৰিছে। অন্যাহাত চোৰাংচোৱা সমূহে তথ্য লাভ কৰিছে যে আলফাই দেশৰ ৰাজধানী দিল্লী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰাও অসমীয়া যুৱক-যুৱতী যোগদান কৰাইছে। ইয়াৰ পাছতেই কেন্দ্ৰই সতৰ্কতা কৰি দিয়াৰ লগতে এন আই এক তদন্তৰ নিৰ্দেশ দিছে।

আৰু পঢ়ক: পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lbru0LB
via IFTTT

Comments