বান-গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিব: সমুজ্জ্বল ভট্টাচাৰ্য

ডিজিটেল সংবাদ, মৰিগাঁও: ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই।

তেওং কয় যে বান আৰু খহনীয়াই সংহাৰী ৰূপ লৈ অসমৰ মানুহ হাহাকাৰ ৷ এই সময়ত দিল্লীৰ পৰা এটা ফোন কৰি খবৰ এটা ল’লে নহ’ব ৷ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিব৷ অৰ্থনীতি ভেটি ভাঙি দিছে বানে৷

বৃহৎ নদীবান্ধয়ে নামনিত থকা ৰাইজক অপকাৰ হৈছে ৷ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পয়ে নমনীয় জনসাধাৰণৰ ক্ষতি কৰিছে৷ বৃহৎ নদীবান্ধৰ অপকাৰীতাৰ বিষয়ে বিশেষজ্ঞ সকলে কৈ আছে৷৷

অসম আৰু কেন্দ্ৰীয় চৰকাৰী ইয়াৰ ব্যৱস্থা লব লাগিব নোলোৱালৈকে আছু ক্ষান্ত নহয় । আছুৰ প্ৰতিটো গোট আৰু সদস্যক বানৰ সময়ত ৰাইজৰ কাষত ঠিয় দিবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টা জনৰ৷

আৰু পঢ়ক: যমুনামুখৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ নিশা উপস্থিত সাংসদ আজমল



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pRITGKu
via IFTTT

Comments