মৃত্যুৰ বিভীষিকাঃ পথ দুৰ্ঘটনাত মৃত্যু ১৭, হাতী আক্ৰমণত মৃত্যু ১৩

ডিজিটেল সংবাদ,কঠিয়াতলীঃ অনেক ঘটনা-পৰিঘটনাৰ মাজেৰে ২০১৮ বৰ্ষটো বিদায় দি নতুন ২০১৯ বৰ্ষটো আদৰিবলৈ সাজু হৈছে কঠিয়াতলীবাসী । কিন্তু ২০১৮ বৰ্ষটোৰ বহু কৰুণ ঘটনাই অঞ্চলবাসীৰ মন ভাৰাক্ৰান্ত কৰি তোলে। এনে ঘটনাসমূহৰ ভিতৰত বিশেষকৈ কঠিয়াতলীৰ মাজেৰে পাৰ হৈ যোৱা চাৰিলেনযুক্ত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত পথ দূৰ্ঘটনাত মানুহৰ মৃত্যু আৰু বন্যহস্তীৰ আক্ৰমণত মানুহৰ মৃত্যু আদিয়েই প্ৰধান ঘটনা।
এনে ঘটনাত মৃত্যু হোৱাজনৰ কিছুমান হৃদয় বিদাৰক দৃশ্যই আজিও অঞ্চলবাসীক আতংকিত কৰি তোলে। চৰকাৰী পক্ষৰ অৱহেলা আৰু গাফিলতিৰ কাৰণেই এনে ঘটনা সমূহ ভৱিষ্যতেও ঘটি থাকিব বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । অৱশ্যে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবৰ কাৰণে বন বিভাগে কিছুদিন পূৰ্বে ৰেংবঙৰ পৰা কন্দলীলৈকে প্ৰায় ১০ কি:মি: দৈৰ্ঘ্যৰ সৌৰশক্তি চালিত ফেন্সিং কাঁটাতাঁৰ পাহাৰৰ নামনিত স্থাপন কৰাত হাতী-মানুহৰ সংঘাতৰ পৰা কিছু সকাহ পোৱা দেখা গৈছে।
তথাপি শেহতীয়াকৈ যোৱা ২২ জুনত ৰেংবেঙত মালতী নায়ক নামৰ মহিলাগৰাকীৰ হাতীৰ গচকত মৃত্যু হয় । উল্লেখ্য যে, যোৱা ২০১৪ ৰ পৰা ২০১৮ লৈকে অঞ্চলটোত বন্যহস্তীৰ আক্ৰমণত ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বিভিন্ন কাৰণত ছয়টা বন্যহস্তীৰো মৃত্যু হৈছে ।
আনহাতে,২০১৮ বৰ্ষৰ জানুৱাৰী পৰা ডিচেম্বৰলৈকে কঠিয়াতলীৰ মাজেৰে পাৰ হৈ যোৱা চাৰিলেনযুক্ত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত ১৭ জন লোকে প্ৰাণ হেৰুৱায় আৰু বহুজন পংগু হৈ পৰি আছে । দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে পথত গতিৰোধক অথবা যান-বাহন নিয়ন্ত্ৰণৰ টেফিক পইণ্টৰ দাবীত বহুবাৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিও বিফল হৈছে । প্ৰতিবাদ চলি থকাৰ সময়তে জিলা প্ৰশাসনৰ লোক প্ৰতিবাদস্থলীত উপস্থিত হৈ মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাঁৰি ৰাইজৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰি পিছত সকলো পাহৰি যায় ।
ইফালে,এনে দুৰ্ঘটনা ৰোধৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ঘাইপথ প্ৰাধিকৰণে দৈনিক বজাৰখনত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে যদিও আজি পৰ্যন্ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে এনে দুৰ্ঘটনা সঘনাই ঘটি থকাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । নতুন বছৰত নতুন আঁচনি ৰূপায়ণৰে এনে সমস্যাসমূহ দূৰ কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে ।
The post মৃত্যুৰ বিভীষিকাঃ পথ দুৰ্ঘটনাত মৃত্যু ১৭, হাতী আক্ৰমণত মৃত্যু ১৩ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2AmLs6L
via IFTTT
Comments
Post a Comment