নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চৌদিশে, আনন্দ-উছাহৰ ঢল বিশ্ববাসীৰ মাজত, চাওঁক VIDEO

- নৱবৰ্ষলৈ আৰু মাত্ৰ কেইটামান ক্ষণ বাকী।
- সমগ্ৰ বিশ্ববাসীৰ মাজত আনন্দ-উচাহ বিৰাজ কৰিছে।
- সকলোৱে উদযাপন কৰিছে চলিত বৰ্ষৰ শেষৰটো দিন।
- লগতে সাজু হৈছে নৱবৰ্ষক আদৰিবলৈ।
- সুজ্জিতভাৱে সজায় তোলা হৈছে সমগ্ৰ বিশ্বখনেই।
- আতচবাজীৰে আকাশত ৰং-বিৰিঙৰ দৃশ্য উপভোগ কৰিছে বিশ্ববাসীয়ে।
- নিজৰ পৰিয়াল, বন্ধু-বৰ্গৰ সৈতে সকলোৱে আতচবাজী চাইছে বিশ্বজুৰি।
- নিউজিলেণ্ডৰ অক’লেণ্ডবাসী বৰ্তমান সাজু নৱবৰ্ষক আদৰিবলৈ।
- আকাশত আতচবাজীত চকু থৰ হৈ ৰৈছে সকলোৰে।
- অষ্ট্ৰেয়িলাৰ ছিডনীতো ব্যাপক আয়োজন কৰা হৈছে নৱবৰ্ষৰ বাবে।
- পুৰণি বৰ্ষক বিদায় দি ২০১৯ত আদৰিবলৈ সাজু ছিডনীবাসী।
- চাওঁক ছিডনীৰ এই মনমোহা ভিডিঅ’-
#WATCH Australia's Sydney welcomes the new year with spectacular fireworks. pic.twitter.com/SI0gzC33bq
— ANI (@ANI) December 31, 2018
- বিশ্ব আন আন প্ৰান্তৰ লগতে সমগ্ৰ ভাৰততে এতিয়া দেশবাসীয়ে ক্ষণ গণিছে নৱবৰ্ষৰ।
- বিভিন্ন ৰঙৰ লাইটেৰে সুন্দৰভাৱে সজাই তোলা হৈছে দিল্লীৰ ইণ্ডিয়া গেট।
- ইণ্ডিয়া গেটৰ সন্মুখত ৰৈ সকলোৱে উপভোগ কৰিছে আতচবাজী।
- ইফালে, উত্তৰ কোৰিয়াৰ পয়ংগিয়াঙতো সকলো সাজু নৱবৰ্ষক আদৰিবলৈ।
- আতচবাজী-ফটকা ফুটাই সকলোৱে আনন্দ-উচাহৰে উপভোগ কৰিছে এই সুখকৰ ক্ষণ।
- চাওঁক উত্তৰ কোৰিয়াত নৱবৰ্ষৰ এই দৃশ্য-
#WATCH Fireworks light up North Korea's Pyongyang welcoming New Year 2019. (Source: Reuters) pic.twitter.com/UMOAk3yF3S
— ANI (@ANI) December 31, 2018
- ইফালে, মহাৰাষ্ট্ৰৰ মুম্বাই গেটৱে অৱ ইণ্ডিয়াত ভিৰ লাগিছে মুম্বাইবাসীৰ।
- সকলোৱে উক্ত স্থানত উপস্থিত হৈছে নৱবৰ্ষক আদৰা এই ক্ষণত।
- এই শীতৰ সময়ত অধিক ঠাণ্ডা বৃদ্ধি পাইছে হিমাচল প্ৰদেশত।
- কিন্তু নৱবৰ্ষক উষ্ম আদৰণি জনাবলৈ সাজু হৈছে সকলো।
- আনহাতে, নাগৰিকৰ ভিৰ বৃদ্ধি হোৱাৰ ফলত নিৰাপত্তা বেষ্টনী বৃদ্ধি কৰিব লগা হৈছে বাংগালুৰুত।
- লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে বাংগালুৰুৰ ব্ৰিগেড ৰোডত।
- বাংগালুৰুৰ ব্ৰিগেড ৰোডত আতচবাজী-ফটকা ফুটাই সকলোৱে আনন্দ-উচাহৰ মাজেৰে আদৰিবলৈ সাজু হৈছে ২০১৯ বৰ্ষক।
- লগতে হংকঙতো ব্যাপক প্ৰস্তুতি নৱবৰ্ষক আদৰাৰ।
- চৌদিশে ৰং-বিৰঙৰ লাইট, আতচবাজীৰে সুজ্জিত কৰা হৈছে।
The post নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চৌদিশে, আনন্দ-উছাহৰ ঢল বিশ্ববাসীৰ মাজত, চাওঁক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BTTu6K
via IFTTT
Comments
Post a Comment