বাংলাদেশত পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত শ্বেইখ হাছিনা

ডিজিটেল ডেস্কঃ পুনৰ বাংলাদেশত প্ৰধানমন্ত্ৰী হোৱাৰ পথত শ্বেইখ হাছিনা। দেশখনৰ সংবাদ মাধ্যমে সম্ভাৱনা কৰা মতে ৩০০ খন আসনৰ ভিতৰত ২৬৬ খন আসনেই লাভ কৰিব শ্বেইখ হাছিনাৰ আৱামী লীগ দলে। বাংলাদেশ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে গোপালগঞ্জ সমষ্টিৰ ফলাফল। সমষ্টিটোত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছে শ্বেইখ হাছিনা।

হাছিনাই সমষ্টিটোত ২,২৯,৫৩৯ টা ভোট লাভ কৰাৰ বিপৰীতে বিপক্ষ দলৰ প্ৰাৰ্থীয়ে লাভ কৰিছে মাত্ৰ ১২৩ টা ভোট। দেশখনৰ এক সংবাদ মাধ্যমৰ মতে, দেওবাৰ নিশালৈকে ১১৯ খন আসনত আৱামী লীগ দল আগবাঢ়ি থকাৰ লগতে বিপক্ষ দল বি এন পিয়ে মাত্ৰ দুখন আসনতহে অগ্ৰগতি লাভ কৰিছে।

দেশখনৰ এই ফলাফল দেখি বিৰোধী দল সমূহে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰিছে। উল্লেখ্য যে, বাংলাদেশত মুঠ ৩০০ টা সমষ্টিৰ ভিতৰত ২৯৯ টা সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন। ১৮৪৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্ধিতা কৰা এই নিৰ্বাচনত আছিল ৪০,১৮৩ টা ভোটকেন্দ্ৰ। বাংলাদেশৰ নিৰ্বাচনী হিংসাত মৃত্যু হৈছিল ১৭ জন লোক ।

The post বাংলাদেশত পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত শ্বেইখ হাছিনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GMeZfv
via IFTTT

Comments