প্ৰবীন ভাস্কৰ্য শিল্পী টাকাৰ ৰিবালৈ ২০১৮ বৰ্ষৰ প্ৰনৱ বৰুৱা শিল্পী বঁটা

ডিজিটেল ডেস্কঃ ২০১৮ চনত প্ৰনৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে অৰুণাচল প্ৰদেশৰ প্ৰবীন ভাস্কৰ্য শিল্পী টাকাৰ ৰিবালৈ৷ চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাত অহোপুৰুষাৰ্থ কৰা প্ৰয়াত শিল্পী প্ৰনৱ বৰুৱা স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধনাৰ স্বীকৃতি স্বৰূপে প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোজনকৈ শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে৷

এই বঁটাত আছে এটি সুদৃশ্য স্মাৰকৰ সৈতে এখনি প্ৰশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা৷ ২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্ৰহ্ম, ৰেণু মিশ্ৰ, নীলপৱন বৰুৱা, ননী বৰপূজাৰী, ত্ৰিপুৰাৰ শিল্পী চিন্ময় ৰয়কে আদি কৰি কেইবাজনো বিশিষ্ট শিল্পীক প্ৰদান কৰা হৈছে৷

ইটানগৰ আৰু নাহৰলগুণৰ বিভিন্ন স্থানত স্থাপিত টাকাৰ ৰিবাৰ দ্বাৰা নিৰ্মিত ভাস্কৰ্য্য সমূহ ৰাজ্যখনৰ অমূল্য সম্পদ হিচাপে পৰিগণিত হৈছে৷ নতুন দিল্লীৰ ললিত কলা একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা টাকাৰ ৰিবাই অৰুণাচল একাডেমী অৱ ফাইন আৰ্টৰ অধ্যক্ষ হিচাপে ৰাজ্যখনত সুকুমাৰ কলাৰ চৰ্চা আৰু বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে৷

The post প্ৰবীন ভাস্কৰ্য শিল্পী টাকাৰ ৰিবালৈ ২০১৮ বৰ্ষৰ প্ৰনৱ বৰুৱা শিল্পী বঁটা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2AnrDfB
via IFTTT

Comments