বিহাৰত নক্সালবাদীৰ সন্ত্ৰাস! এজনক গুলীয়াই হত্যা, ১০ খন বাহনত অগ্নিসংযোগ

ডিজিটেল ডেস্কঃ বিহাৰৰ ঔৰাংগাবাদত দেওবাৰে নক্সালবাদীয়ে আক্ৰমণ চলাই এজন ব্যক্তিক হত্যা কৰাৰ লগতে ১০ খন বাহনত অগ্নিসংযোগ কৰে। নিহত ব্যক্তিজন বিধান পৰিষদৰ সদস্য ৰাজেন্দ্ৰ কুমাৰৰ খুড়াক বুলি জানিব পৰা গৈছে।
জিলাখনৰ আৰক্ষী অধীক্ষক সত্য প্ৰকাশে জানিবলৈ দিয়া মতে, নক্সালবাদীয়ে দেৱ থানাৰ অন্তৰ্গত সুদী বিগহা গাঁৱত আক্ৰমণ চলায় আৰু ৫৫ বৰ্ষীয় নৰেন্দ্ৰ সিং নামৰ লোকজনক গুলীয়াই হত্যা কৰে।
ইফালে নক্সালবাদীসকলে নৰেন্দ্ৰ সিংৰ ঘৰৰ ৰখাই থোৱা তিনিখন ট্ৰেক্টৰ আৰু আন ৭ খন বাহনত অগ্নিসংযোগ কৰাত বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। তদুপৰি অঞ্চলটোৰ কেইবাটা বাসগৃহত নক্সালবাদীয়ে অগ্নি সংযোগ কৰে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
The post বিহাৰত নক্সালবাদীৰ সন্ত্ৰাস! এজনক গুলীয়াই হত্যা, ১০ খন বাহনত অগ্নিসংযোগ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VfzrZw
via IFTTT
Comments
Post a Comment