সদৌ অসম ভেঞ্চাৰ প্ৰাথমিক বিদ্যালয়-মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ বিশেষ আলোচনা

ছাহেদ আলী আহমেদ, কয়াকুছিঃ অসমৰ ভেঞ্চাৰ বিদ্যালয় সমূহৰ বিভিন্ন সমস্যা সমাধানৰ বাবে গঠিত  সদৌ অসম ভেঞ্চাৰ প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়  শিক্ষক সন্থাৰ বঙাইগাওঁ জিলা সমিতি গঠনাৰ্থে এখনি সাধাৰণ সভা ২৯ ডিচেম্বৰ শনিবাৰে  অনুষ্ঠিত হৈ  যায়। বঙাইগাওঁ জিলা সমিতি গঠনাৰ্থে সাধাৰণ সভাখন উত্তৰ শালমাৰা তিনিআলি চ’ক বজাৰৰ প্ৰভাৱতী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত থকা সমূহীয়া ভৱনত অনুষ্ঠিত হয়৷ স্থানীয় শিক্ষক নজমুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত সাধাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক এছাহাক আলীয়ে৷ সভাত সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক তথা সন্থাৰ উপদেষ্টা ছাহেদ আলী আহমেদ, উপদেষ্টা মো: তোতা মিঞা, সাংবাদিক আব্দুল জলিল, সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে আমিৰ হুছেইন আৰু আজগৰ আলী আহমেদ আদি ব্যক্তিয়ে ভেঞ্চাৰ শিক্ষকৰ বিভিন্ন সমস্যা আৰু সমাধানৰ পদ্ধতি সম্পৰ্কে বিতং বক্তব্য আগবঢ়ায়৷
ভেঞ্চাৰ শিক্ষকক অতি সোনকালে প্ৰাদেশীকৰণৰ দাবী, প্ৰাদেশীকৰণ নোহোৱালৈকে বছৰেকীয়া বিত্তীয় সাহায্য, মিড-ডে-মিল যোগান, আন্ত:গাঁথনিৰ ধন যোগান ধৰা, বিনা বেতনে মৃত্যু বৰণ কৰা পৰিয়ালক এককালীন ১০ লাখকৈ আৰ্থিক সহায় প্ৰদান, বাদপৰা সকলো বিদ্যালয়ক ডাইচ কোড প্ৰদান কৰাকে আদি কৰি বিভিন্ন দাবী উত্থাপন কৰা হয়৷ আলোচনাৰ অন্তত নজমুল ইছলামক সভাপতি, আমিৰ হুছেইনক কাৰ্যকৰী সভাপতি, এছাহাক আলী আৰু সনাব আলীক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ বঙাইগাওঁ জিলা তদৰ্থ সমিতি গঠন কৰা হয়৷ অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত বাৰ্ষিক অধিবেশন পতা আৰু শিক্ষামন্ত্ৰী, মুখ্য মন্ত্ৰী লগতে  ৰাজ্যপালক সমস্যা সমূহ অৱগত কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰাকে আদি কৰি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয়৷

The post সদৌ অসম ভেঞ্চাৰ প্ৰাথমিক বিদ্যালয়-মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ বিশেষ আলোচনা appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2Sxre1e
via IFTTT

Comments