অসমৰ চাহক মধ্য প্ৰাচ্যৰ দেশসমূহত অগ্ৰাধিকাৰ দিয়াৰ পৰাকল্পনা আই টি এৰ
ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত টি এছোচিয়েশ্যনে মধ্য প্ৰাচ্যৰ দেশসমূহত অসমৰ চাহক অগ্ৰাধিকাৰ দিবৰ কাৰণে বিশেষ ব্যৱস্থা হাতত লৈছে ৷ দ্য ছেন্টিনেলৰ লগত হোৱা এক সাক্ষাৎকাৰত ITA অৰ্থাৎ The India Tea Associationৰ এজন অধিকাৰীয়ে কয় যে অসমৰ চাহক সকলোৱে অগ্ৰাধিকাৰ দিছে ৷এই ক্ষেত্ৰত ইৰাণেও অসমক চাহক অগ্ৰাধিকাৰ দিছে ৷ইফালে ২০১৭ বৰ্ষত ২৪ মিলিয়ন কেজি চাহ ৰপ্তানি কৰিছিল। লগতে,মধ্য প্ৰাচ্যৰ দেশসমূহত ITA য়ে এখন চাহৰ বজাৰ স্থাপন কৰাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চিন্তা কৰিছিল । ITA ৰ এজন অধিকাৰী এই সন্দৰ্ভত কয় যে,ITA য়ে দৃঢ়ভাৱে অনুভৱ কৰিছে যে, অসমৰ চাহক সুৰক্ষিত কৰা,প্ৰচাৰ কৰা, জীআই পঞ্জীকৃত, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অগ্ৰাধিকাৰ দিব লাগে ৷
লগতে কয় যে, এই ধৰণৰ প্ৰচাৰে ভাৰত আৰু বিদেশত উন্নত মানদণ্ডৰ গুনাগুণ সম্পন্ন অসমৰ চাহৰ প্ৰচাৰত সহায় কৰিব। এনে ধৰনৰ প্ৰচাৰে নতুনআৰু যুৱ প্ৰজন্মক চাহৰ গুনাগুণ সম্পৰ্কে জ্ঞাত হ’ব। বিভিন্ন চাহৰ সম্পৰ্কত এক বিশেষ মন্তব্য কৰে যে, অৰ্থডিক্স আৰু চিটিচি চাহৰ উৎপাদনৰ প্ৰক্ৰিয়া শৈলী ভিন্ন ধৰণৰ হয় ৷ ইফালে কিছু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কৰ ভাষ্য অনুসৰি অসমত স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় চাহ বজাৰত চাহক এনেদৰে অগ্ৰাধিকাৰ দিবলৈ পূৰ্বতে কোনো ব্যৱস্থা লোৱা নাছিল। অসমৰ চাহক সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ দিবৰ কাৰণে পৰিকল্পনা লোৱাৰ লগতে ব্ৰেণ্ডৰ ব্যৱস্থা কৰিব লাগে। এই মন্তব্য এজন কৰ্মকৰ্তাৰ ৷এই সন্দৰ্ভত অসম চৰকাৰ,কেন্দ্ৰীয় সংস্কৃতি, মন্ত্ৰণালয়ৰ সহযোগিতা,নতুন দিল্লীত অসমৰ চাহক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰদৰ্শনী আয়োজন কৰিব ৷যিয়ে চাহৰ ব্ৰ্যাণ্ডসমুহ আগুৱাই যোৱাত সহায় কৰিব ৷
The post অসমৰ চাহক মধ্য প্ৰাচ্যৰ দেশসমূহত অগ্ৰাধিকাৰ দিয়াৰ পৰাকল্পনা আই টি এৰ appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2Qc2kSB
via IFTTT
Comments
Post a Comment