এন আৰ চিৰ দাবী আৰু আপত্তি দাখিলৰ অন্তিম দিন, এতিয়ালৈ দাখিল মাত্ৰ ৭০০ টা আপত্তি

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আৰু আপত্তি দাখিলৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ আজি অন্তিমটো দিন। ৰাজ্যত নাগৰি পঞ্জী উন্নীতকৰণত বহু লোকৰ নাম অন্তৰ্ভূক্তিৰ বাহিৰত ৰৈ যোৱা বুলি অভিযগ উত্থাপন কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ে এক ৰায় যোগে দাবী আৰু আপত্তি দাখিলৰ বাবে নিৰ্ধাৰিত সময় বান্ধি দিছিল।
ইফালে দাবী আৰু আপত্তি দাখিলৰ অন্তিম দিন পৰ্যন্ত মাত্ৰ ৭০০ টা আপত্তি দাখিল হৈছে বুলি জানিব পৰা হৈছে। তাৰ বিপৰীতে নাম অন্তৰ্ভুক্তিৰ দাবীৰে আৱেদন জনাইছে প্ৰায় ৪ লাখৰো অধিক লোকে।
আনহাতে এন আৰ চিত ভুৱা নথিৰে নাম অন্তৰ্ভূক্তিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে কেইবাজনৰো বিৰুদ্ধে। ভুৱা নথি ব্যৱহাৰ কৰাৰ সন্দৰ্ভত ইতিমধ্যে ৬০১ জন লোকক গ্ৰেপ্তাৰ কৰা লগতে ৪৬৯টা গোচৰ ৰুজু হৈছে।
The post এন আৰ চিৰ দাবী আৰু আপত্তি দাখিলৰ অন্তিম দিন, এতিয়ালৈ দাখিল মাত্ৰ ৭০০ টা আপত্তি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2AmMUFW
via IFTTT
Comments
Post a Comment