ছিপাঝাৰৰ ধলপুৰত জিলা প্ৰশাসনৰ ১৮০ বিঘা ভূমিত উচ্চেদ অভিযান
গণ বাৰ্তা, দুমুনিচকীঃ দৰং জিলাৰ ছিপাঝাৰৰ ৰাজহ চক্ৰ অন্তৰ্গত ধলপুৰত জিলা প্ৰশাসনে ২৯ ডিচেম্বৰত উচ্চেদ কৰিলে ঐতিহ্যমণ্ডিত ধলপুৰ শিৱ মন্দিৰৰ ১৮০ বিঘা মাটি। জানিব পৰা মতে বেদখলকাৰীয়ে দোকান পোহাৰ পাতি, খেতিবাতি কৰি আৰু প্ৰায় ৪০ পৰিয়ালে ঘৰ সাজি বসবাস কৰি আহিছিল৷ এই সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিয়ে জিলা প্ৰশাসনক মন্দিৰৰ বেদখলকৃত মাটি বেদখল মুক্ত কৰিবলৈ আবেদন জনায় আহিছিল যদিও প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল যদিও কালি বিশেষ তৎপৰাত দুখন বুল ডেজাৰেৰে উচ্চেদ অভিযান আৰম্ভ কৰে৷ ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া মনালি জৈনৰ নেতৃত্বত উচ্চেদ অভিযান চলিছে৷ উল্লেখ্য যে বিগত ২০১৪ চনৰ ৫ ডিচেম্বৰত একে ঠাইতে প্ৰশাসনৰ তৰফৰ পৰা উচ্চেদ অভিযান চলোৱা হৈছিল যদিও পুনৰ বেদখলকাৰীৰ কবলত শ-শ বিঘা মাটি আবদ্ধ কৰি ৰাখিছিল৷ জিলা প্ৰশাসনৰ এনে প্ৰদক্ষেপক অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে৷
The post ছিপাঝাৰৰ ধলপুৰত জিলা প্ৰশাসনৰ ১৮০ বিঘা ভূমিত উচ্চেদ অভিযান appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2Sreucb
via IFTTT
Comments
Post a Comment