কয়াকুছিত সৰুক্ষেত্ৰী গ্ৰন্থ আৰু সমন্বয় মেলাৰ শুভাৰম্ভ
পঙ্কজ নাথ, চাংসাৰিঃ কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰিত নিৰ্মীয়মান ভাৰতবৰ্ষৰ আগশাৰীৰ চিকিৎসা অনুস্থান সৰ্বভাৰতীয় আয়ুৰবিজ্ঞান সংস্থানৰ কামকাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ৰবিবাৰে চৰকাৰী বিষয়াক লগত লৈ চাংসাৰিত এইমছৰ নিৰ্মাণ স্হলীত উপস্থিত হল জালুকবাৰীৰ বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি চাংসাৰিত উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰে মন্ত্ৰী গৰাকীয়ে। চাংসাৰিত স্থাপন হবলগীয়া এইমছ খন বৃহৎ জলাশয় পুতি নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব।
এই জলাশয় পোতাৰ বাবে প্ৰতিদিনে নিৰ্মাণস্থলীত জলাশয় পুতি মাটি পূৰণৰ কাম চলি আছে বুলি কৈ ইয়াৰ উপৰিও জলাশয় পূৰণৰ লগতে আনুসংগিক কামকাজো আৰম্ভ হৈছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। তাৰোপৰি এইমছৰ কাম দ্ৰুত গতিত চলি থকাৰ কথা কৈ অতি কম সময়ৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এখন বিশ্ব মানৰ চিকিৎসালয় লাভ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে। কিন্তু ইয়াৰ বিপৰীতে মন্ত্ৰী গৰাকীয়ে এইমছৰ ভুমি পৰ্যবেক্ষণ কৰি যোৱাৰ পিছতে স্হানীয় একাংশ ৰাইজে এইমছৰ নিৰ্মাণৰ কাম অতি মন্থৰ গতিত চলি থকাৰ কথা উল্লেখ কৰি নিৰ্মাণৰ ভুমি পুৰণৰ কামত যথেষ্ট খেলিমেলি আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি এইমছ নিৰ্মাণৰ দুৰ্নীতিক লৈ নানা সমালোচনা কৰিবলৈ লৈছে আৰু ইয়াৰ ওপৰত চকু ৰাখিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে সচেতন ৰাইজে।
উল্লেখ্য যে, যোৱা অক্টোবৰ মাহৰ ২৮ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ এটা পৰ্যবেক্ষকৰ দলে চাংসাৰিত স্থাপন হ’বলগীয়া এইমছৰ ভূমিত পৰ্যবেক্ষণ কৰিছিল। কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদনৰ নেতৃত্বত উচ্চ পদস্থ বিষয়াৰ দলটোৱে কামৰূপৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ প্ৰস্তাৱিত ভূমিত উপস্থিত হৈ সকলো কামকাজৰ অগ্ৰগতিৰ বুজ লৈছিল। ইফালে, কেন্দ্ৰীয় সচিব প্ৰীতি সুদনে এইমছৰ নিৰ্মাণ কাৰ্যৰে জড়িত সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলা প্ৰশাসনৰ দায়িত্ববাহী বিষয়াসকলৰ লগতো আলোচনাত মিলিত হয় আৰু নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে । এতিয়া আজি মন্ত্ৰী গৰাকীয়েও এইমছৰ ভুমি পৰ্যবেক্ষণ কৰাৰ পিছত এইমছ নিৰ্মাণৰ কাম কাজ কিমান সৰতকীয়া হয় তাৰোপৰি এই নিৰ্মাণকাৰ্য্য কিমান দুৰ্নীতিমুক্ত হয় সেয়াহে লক্ষণীয় হব।
The post কয়াকুছিত সৰুক্ষেত্ৰী গ্ৰন্থ আৰু সমন্বয় মেলাৰ শুভাৰম্ভ appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2Tgi1tW
via IFTTT
Comments
Post a Comment