বছৰটোত শেষত গোৱালপাৰাত সংঘটিত আন এক অঘটন

ডিজিটেল সংবাদ,গোৱালপাৰাঃ বছৰটোৰ শেষত আন এক অঘটন ঘটিল গোৱালপাৰাত। দেওবাৰে নিশা গোৱালপাৰা জিলাৰ মাটি থানাৰ অন্তৰ্গত দলগোমাৰ একমাত্ৰ গাঁৱলীয়া বেংকটোত চোৰৰ দলে সংঘটিত কৰিছে লুটপাৰ চাফাই অভিযান। এই ঘটনাই দলগোমা,মাটিয়া আদি বৃহৎ অঞ্চললকে ধৰি সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে দলগোমাৰ চাৰিআলিত থকা দলগোমা এলাহাবাদ বেংক শাখাত যোৱা নিশা নৈশ চকীদাৰ বা নিৰাপত্তাৰক্ষী নথকাৰ সুযোগতে শাখাটোৰ বিল্ডিঙ ঘৰৰ পিছৰ খিৰীকি ভাগি ৱেল্ডিং মেছিনৰ সহায়ত খিৰীকিৰ শকত ৰ’ড কাটি ভিতৰত প্ৰৱেশ কৰে। উল্লেখ্য যে বেংকটোত লুটপাত চলোৱাৰ পিছতে চোৰৰ দলে ৱেলডিং মেছিনসহ কঢ়িয়াই অনা দুটাকৈ গেছ চিলিণ্ডাৰ বেংকৰ পিছফালে এৰি গৈছে।

ইয়াৰে এটা বৃহৎ অস্কিজেন চিলিণ্ডাৰ আৰু এটা চাৰি/পাঁচ লিটাৰৰ এল পি জি চিলিণ্ডাৰ। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বেংকটো লুটপাত চলাবলৈ বৃহৎ চোৰৰ দল এটিয়ে পহৰা নথকাৰ সুযোগতে নিশা অভিযান চলাইছিল। তাৎপৰ্যৰ বিষয় যে চোৰৰ দলটোৱে লুটপাত চলোৱাৰ পিছতে অস্কিজেন আৰু গেছ চিলিণ্ডাৰ দুটাৰ লগতে বেংকৰ বন্দুকটো বেংকৰ পিছফালৰ দেৱালৰ বাহিৰত পেলাই থৈ যায়। লগতে বেংকৰ ভিতৰত থকা চিচি কেমেৰাবোৰো ভাগি বাহিৰত পেলাই দিয়ে।

দলগোমাৰ মহাপুৰুষীয়া সত্ৰৰ সন্মুখৰ চাৰিআলিৰ কাষত থকা বেংকটোত লুটপাত চলোৱাৰ সময়তে পথচাৰীৰ আগমনত চোৰৰ দলোটোৱে লগত লৈ অহা ৱেলডিং মেছিনৰ যাৱতীয় বয়-বস্তুসহ বেংকৰ বন্দুকটো লৰালৰিকৈ পেলাই থৈ যোৱা বুলি অনুমান কৰা হৈছে। মাটিয়া আৰক্ষী থানাই বেংক লুটপাতৰ খবৰ পাই পুৱাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।দিনৰ বাৰমান বজাত গোৱালপাৰা জিলা আৰক্ষীৰ উচ্চ পদস্থ দল এটি ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰিছে।

লুটপাতৰ সময়ত চোৰৰ দলটোৱে চিচি কেমেৰাৰ লগতে বেংক লকাৰ ভাঙি লুটপাত চলোৱা বুলি জানিব পৰা গৈছে। কিন্তু লকাৰত কিমান টকা আছিল বা চোৰে কিমান টকা লুটপাত কৰিছে তাৰ সথিক তথ্য বৰ্তমান লৈকে জানিব পৰা হোৱা নাই। বেংক কৰ্তৃপক্ষকো সোধা-পোচা কৰিবলৈ যোগাযোগ কৰাটো সম্ভৱ হৈ উঠা নাই এইপৰ্যন্ত। অৱশ্য্য চোৰৰ দলটোৱে লকাৰত থকা ৩.৬০ লাখ টকা লকাৰ ভাগি লুটপাত কৰা বুলি স্থানীয় ৰাইজৰ মাজত প্ৰচাৰ হৈছে।
The post বছৰটোত শেষত গোৱালপাৰাত সংঘটিত আন এক অঘটন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EZdSHN
via IFTTT
Comments
Post a Comment