দেওবাৰে নিশা খানাপাৰাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ গ’ল পিতৃ–কন্যাৰ

ডিজিটেল ডেস্কঃ দেওবাৰে নিশা খানাপাৰা গ্ৰীণ উড ৰিজৰ্টত সমীপত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে গাড়ীৰ ভিতৰত থকা পিতৃ সঞ্জয় বৰুৱা আৰু জ্যেষ্ঠ কন্যা দৰ্শনা বৰুৱা। আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সঞ্জয় বৰুৱাৰ পত্নী মিনতি, কনিষ্ঠ কন্যা দীক্ষা বৰুৱা আৰু চালক সুমনজিৎ লাহন।

দেওবাৰে নিশা সঞ্জয় বৰুৱা পৰিয়ালটোৱে যাত্ৰা কৰা এএছ ০১-বি ডি-৪৪৩২ নম্বৰৰ জাইল’ বাহন খনৰ ওপৰত বাগৰি পৰিছিল এখন কয়লাভৰ্তি ট্ৰাক। ইয়াৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছিল গাড়ীৰ ভিতৰৰ আটাইকেইজন লোকক।

The post দেওবাৰে নিশা খানাপাৰাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ গ’ল পিতৃ–কন্যাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2CGiYGt
via IFTTT

Comments