আজাদ হিন্দ ফৌজৰ শেষ জীৱিত যোদ্ধা চৈয়দ মহম্মদ নেচিম বেলৰ দেহাৱসান
জাতীয় ইতিহাসৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি

গণবাৰ্তা বিশেষ, যোৰহাটঃ দেশৰ স্বাধীনতা আন্দোলনত অসমৰ বাবে এক নতুন অধ্যায় সংযোজন কৰি সেই সময়ত আজাদ হিন্দ ফৌজত অংশগ্ৰহণ কৰা চৈয়দ মহম্মদ নেচিম বেলৰ আজি ৯৭ বছৰ বয়সত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা যোদ্ধা জনৰ মৃত্যুৰ লগে লগে যৱনিকা পৰিল এক বৰ্ণিল অধ্যায়ৰ। যোৰহাট নকছাৰীৰ নেচিম বেলে লক্ষ্ণৌত কিশোৰ অৱস্থাত কলকতাৰ কংগ্ৰেছৰ সান্নিধ্যলৈ আহিছিল। পিছত কংগ্ৰেছৰ লগত সানিধ্য কমাবলৈ খুড়াকে বেলক বৃটিছ ভলণ্টিয়াৰ এয়াৰ ফৰ্চত ভৰাই আৰু ইয়াৰ কামতে তেওঁক ম্যানমাৰলৈ পঠায়। ম্যানমাৰত তেওঁ জাপানী সৈন্যৰ হাতত বন্দী হয় আৰু মিংলাচন বিমানবন্দৰত থাকোতেই উক্ত শিবিৰ পৰিদৰ্শন কৰিবলৈ যোৱা অৱস্থাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগত সাক্ষাৎ হয়। নেতাজীৰ আহ্বানত নেচিম আৰু তেওঁৰ সহযোদ্ধা সকলে আজাদ হিন্দ ফৌজত যোগ দিয়ে। নেচিমৰ পৰা নেতাজীয়ে নাগালেণ্ডৰ সম্পৰ্কে জ্ঞাত হোৱাৰ লগতে শিৱসাগৰ আৰু ডিমাপুৰৰ কেইজনমান ব্যক্তিৰ বিষয়ে জানিব পাৰি নেতাজীয়ে নেচিমক অধিক গুৰুত্ব দিছিল। নেচিমে জাপান বৃটিছৰ যুদ্ধৰ বাবে চীনলৈ যাব লগীয়া হোৱা পিছত পুনৰ অসমলৈ আহি এগৰাকী নগা যুৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
উল্লেখযোগ্য যে ১৯৪৭ চনৰ ১৫ আগষ্টত মৰিয়নিত নেচিমে পতাকা উত্তোলন কৰিছিল। নেচিমৰ মৃত্যুত জাতীয় ইতিহাসে গভীৰ শোক প্ৰকাশ কৰি যোদ্ধা জনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। নেচিমৰ মৃত্যুত সমগ্ৰ যোৰহাটতে শোকৰ ছা পৰিছে। আজাদ হিন্দ ফৌজৰ শেষ জীৱিত যোদ্ধা জনৰ মৃত্যুত যোৰহাটৰ বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে শোক প্ৰকাশ কৰিছে। তেওঁৰ জনাজা আজি নকছাৰী চাৰিআলিস্থ কৱৰস্থানত সম্পন্ন কৰা হয় । তেওঁৰ জনাজাত ড0 দেৱব্ৰত শৰ্মা,ড0 আদিল উল যাচিন, ডাঃ জাকিৰ আহমেদ, ,দীপক ৰফিক আহমেদ উপস্থিত থাকে । মৃত্যুৰ সময়ত তেওঁ পত্নী ,চাৰি গৰাকী জী , জোঁৱাই ,নতিনীসহ বহু পৰিয়াল ইহসংসাৰত এৰি থৈ গৈছে । উল্লেখ্য যে যোৱা ২৩ ডিচেম্বৰত জাতীয় ইতিহাসৰ হৈ ড0 দেৱব্ৰত শৰ্মা আৰু সান্তনা শৰ্মাই সাক্ষাৎ কৰি বুজ লৈ তেওঁৰ সৈতে কথাও পাতিছিল । আজি জাতীয় ইতিহাসৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰা হয় বুলি প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰে ।
The post আজাদ হিন্দ ফৌজৰ শেষ জীৱিত যোদ্ধা চৈয়দ মহম্মদ নেচিম বেলৰ দেহাৱসান appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2AmgJqi
via IFTTT
Comments
Post a Comment