বজাৰলৈ কুসুম কৈলাশৰ ‘মন মইনা’

ডিজিটেল সংবাদ, মৰাণঃ জনপ্ৰিয় কন্ঠ শিল্পী কুসুম কৈলাশে এই বাৰ আগন্তুক নৱবৰ্ষ বাবে অডিঅ’ “মন মইনা” এলবামৰ “মন মইনা” শীৰ্ষক এটি ৰোমান্টিক গীত সংগীত প্ৰেমী অসমবাসী বাবে আগবঢ়াইছে। মৰাণত ২৯ ডিচেম্বৰত নিশা মৰাণ ফিউজন ষ্টুডিঅ’ত আনুষ্ঠানিক ভাৱে শুভ মুক্তি দিয়ে শিল্পী-সাংবাদিকৰ উপস্থিতিত।
মৰাণ ফিউজন ষ্টুডিঅ’ত ৰাজীৱ শৰ্মাই বানীৱদ্ধ কৰা গীতটো কথা আৰু সুৰ কুসুম কৈলাশ, ৰিদিপ ৰংকিত আৰু জগত মাহীশৰ।সংগীত উজ্জ্বল আৰঙৰ। শব্দ সংমিশ্ৰন ইবচন লাল বৰুৱা।গীতটোত জনপ্ৰিয় কন্ঠ শিল্পী কুসুম কৈলাশৰ লগত কন্ঠ নিগৰাইছে নীলাক্ষি নেওগ আৰু নীলাভ নীতাই। গীতটো অসমবাসীয়ে আদৰি ল’ব বুলি আশাবাদী কুসুম কৈলাশ আৰু নীল আকাশৰ লগতে শিল্পীসকলৰ।
The post বজাৰলৈ কুসুম কৈলাশৰ ‘মন মইনা’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VgUuLb
via IFTTT
Comments
Post a Comment