দৰঙত উৎপাদিত পাচলি ৰপ্তানি হ’ৱ বহিঃৰাষ্ট্ৰলৈঃ স্পাইচজেটৰ বিষয়াৰে আলোচনা কৃষকৰ

ডিজিটেল সংবাদ, পাথৰিঘাটঃ দৰং জিলাৰ কৃষক সকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে দেশৰ আগশাৰীৰ বিমান পৰিবহণ সেৱাৰ প্ৰতিস্থান স্পাইচজেটে৷ যোৱা ২৮ ডিচেম্বৰ তাৰিখে  দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আবেলি তিনি বজাত জিলাখনৰ কেইবাটাও কৃষক গোটৰ প্ৰতিনিধিৰ লগত স্পাইচজেটৰ বিষয়ববীয়া হোৱা আলোচনাত স্পাইচজেটে দৰঙত উৎপাদিত পাচলিসমূহ বহিঃৰাষ্ট্ৰ হংকঙলৈ ৰপ্তানি কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে দ’লটিয়ে৷ দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰ্যালয়ৰ অধীনত ‘এপফিডা’ সহযোগত আৰম্ভ কৰিৱলৈ লোৱাৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰে৷ হংকঙৰ বজাৰত বিশেষকৈ ভেণ্ডি, গাজৰ, হালধি, মূলা, বেঙেনা, নেমু, আদা, তিতাকেৰেলা, মটৰ, চালগোম আদি পাচলিৰ চাহিদা থকাৰ বিষয়ে অৱগত কৰে বিমান পৰিবহণ সেৱাৰ প্ৰতিস্থানটোৰ  বিষয়া অজয় গুপ্তাই৷ আনহাতে কৃষক সকলক উৎপাদিত পাচলি সমূহ গুণগত মানৰ ক্ষেত্ৰত কোনোৱে যাতে আপোচ নকৰে আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰে৷

The post দৰঙত উৎপাদিত পাচলি ৰপ্তানি হ’ৱ বহিঃৰাষ্ট্ৰলৈঃ স্পাইচজেটৰ বিষয়াৰে আলোচনা কৃষকৰ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2R1A1fb
via IFTTT

Comments