বছৰৰ শেষৰটো দিনত বনভোজকাৰী দলেৰে লোকে লোকাৰণ্য মানাহৰ নাৰায়ণগুৰি

ডিজিটেল সংবাদ, শালবাৰীঃ আজি ইংৰাজী বছৰৰ শেষৰটো দিন৷ আজিৰ পৰা মেলানি মাগিব ২০১৮ বৰ্ষই৷ কাইলৈৰ পৰা আৰম্ভ হ’ব এটি নতুন দিন, নতুন বছৰৰ৷ বছৰৰ শেষৰটো দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলী সমূহত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰাৰ সমান্তৰালকৈ পিছ পৰি নাথাকিল প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা নাৰায়ণগুৰিও৷

সোমবাৰে বছৰৰ শেষৰটো দিনত লোকে লোকাৰণ্য হৈ পৰিল নাৰায়ণগুৰি৷ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে লগে ভাগে এসাজ বনভোজ খাবলৈ মানাহৰ দাঁতিকাষৰীয়া নাৰায়ণগুৰি আৰু মথনগুৰিত হেজাৰ হেজাৰ লোক পুৱাৰেপৰা আহি মানাহক যেন এক নতুন মাত্ৰাহে প্ৰদান কৰিলে৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা বনভোজকাৰী দলে বছৰৰ শেষৰটো দিনত আনন্দ-উল্লাসৰ মাজেৰে খাইছে, গাইছে, নাচিছে আৰু মানাহক দিছে এক অপূৰ্ব সুন্দৰ প্ৰাণ৷

ইফালে বনভোজকাৰী দলৰ সুবিধা তথা মানাহৰ ভিতৰৰ সৌন্দৰ্য উপভোগ কৰাবলৈ মানাহ কৰ্তৃপক্ষৰ লগতে স্থানীয় বহুকেইটা এন জি অ’ই পৰ্যটকৰ বাবে জীপ ছাফাৰী, হাতী ছাফাৰী, নৌকা বিহাৰ, ৰাফটিং আদিৰ ব্যৱস্থা কৰিছে৷ বনভোজস্থলীত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব নোৱাৰে তাৰ বাবে কৰ্তৃপক্ষই আৰক্ষী-প্ৰশাসন, চি আৰ পি এফ, এছ এছ বি জোৱানক প্ৰতিটো মুহূৰ্তত সাজু কৰি ৰাখিছে আৰু স্থানীয় যুৱক-যুৱতীসকলক স্বেচ্ছাসেৱক হিচাপে নিযুক্তি দি সকলো দিশ পৰ্যবেক্ষণ কৰিছে৷

The post বছৰৰ শেষৰটো দিনত বনভোজকাৰী দলেৰে লোকে লোকাৰণ্য মানাহৰ নাৰায়ণগুৰি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2TlyVqX
via IFTTT

Comments