আজি এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন

নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ১২ লাখ লোক বঞ্চিত হোৱাটো নিশ্চিত

এন আৰ চিত২৮.৫ লাখ লোকৰ দাবী আবেদন দাখিল ঃ সন্দেহজনক লোকৰ বিৰুদ্ধে ৭০০ আপত্তি দাখিল

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী  ঃ মাজত মাত্ৰ এটা দিন। কাইলৈ এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন। এন আৰ চিত নাম অন্তৰ্ভুক্তৰ বাবে ৰাজ্যৰ প্ৰতিটো এন আৰ চি সেৱা কেন্দ্ৰত আবেদনকাৰীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। মন কৰিবলগীয়া যে এন আৰ চিৰ দ্বিতীয়খন খচৰাৰ পৰা ৪০ লাখ লোকৰ নাম বাদ পৰে যদিও আজিৰ দিনটোলৈকে দাবী আবেদনকৰাৰী সংখ্যা ২৮লাখ ৫০ হাজাৰ বুলি জানিব পৰা গৈছে। কাইলৈ দাবী-আবেদনৰ অন্তিম দিন। আবেদনকাৰীৰ সংখ্যা পৰ্যৱেক্ষণ কৰিলে এয়া নিশ্চিত হয় যে প্ৰায় ১২ লাখ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব। ইপিনে সন্দেহজনক লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বুলি বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰি আহিছে যদিও এইক্ষেত্ৰত আপত্তি দাখিলৰ সংখ্যাই এক বিপৰীত ছখিনহে পোহৰলৈ আনে। খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকৰ বিপৰীতে মাত্ৰ নগণ্য সংখ্যকহে আপত্তি দাখিল হৈছে। এন আৰ চিৰ কৰ্তৃপক্ষৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি আজিৰ তাৰিখলৈকে এন আৰ চিত অন্তৰ্ভুক্ত হোৱা সন্দেহজনক লোকৰ বিৰুদ্ধে মাত্ৰ ৭০০ আপত্তি দাখিল হৈছে। কাইলৈ আপত্তি দাখিলৰ অন্তিম দিন। উল্লেখ্য যে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে দাবী-আপত্তিৰ সময়সমীয়া আছিল ১৫ ডিচেম্বৰ। উক্ত সময়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে দাবী-আপত্তিৰ সংখ্যা নগণ্য আছিল। আনকি পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বহু লোক আবেদন দাখিল কৰাৰ পৰা বিৰত আছিল। সেই সময়ত দাবী আবেদনৰ সংখ্যা আছিল ৮ লাখ আৰু আপত্তি দাখিলৰ সংখ্যা আছিল ৩৭০টা। এন আৰ চিৰ দ্বিতীয়খন খচৰাৰ পৰা ৪০ লাখতকৈ অধিক লোকৰ নাম বাদ পৰিছিল। সেই অনুসৰি দাবী-আপত্তিৰ ক্ষেত্ৰত এনেদৰে সংখ্যা অতি কম হোৱাৰ বাবেৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত সময়সীমা বৃদ্ধিৰ বাবে এক আবেদন দাখিল কৰে। উক্ত আবেদনৰ ভিত্তিতেই ন্যায়ালয়ে ৩১ ডিচেম্বৰলৈ দাবী-আপত্তিৰ সময়সীমা বৃদ্ধি কৰে। উক্ত সময়সীমাৰ কাইলৈ অন্তিম দিন। এই অন্তিম দিনটোলৈকে এন আৰ চিৰ দ্বিতীয়খন খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ ভিতৰত প্ৰায় ১২ লাখ লোক আবেদনৰ পৰা বিৰত থকা দেখিবলৈ পোৱা গৈছে। একেদৰে বিভিন্ন দল-সংগঠনে বাৰম্বাৰ দাবী কৰি আহিছে যে এন আৰ চিৰ খচৰাত লাখ লাখ সন্দেহজনক বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। যদি বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে, তেন্তে আপত্তি দাখিলৰ ক্ষেত্ৰত দল-সংগঠনৰ নেতৃবৰ্গই কিয় আঁতৰি আছে সেই লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। এন আৰ চিক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত এক অপপ্ৰচাৰেৰে ধঁৱলী-কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। যি কি নহওক দাবী-আবেদনৰ সংখ্যা চালে এয়া নিশ্চিত হয় যে প্ৰায় ১২ লাখ লোক এন আৰ চিৰ পৰা বঞ্চিত হ’ব। এইসকল লোকৰ নথি-পত্ৰৰ অভাৱ নে অনীহা সেই লৈ এতিয়া চৰ্চা চলিছে।

The post আজি এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2Su2Ltt
via IFTTT

Comments