পুৰন্দিয়া সাহিত্য সভাৰ মধ্যকালীন ছৈবাৰী অধিবেশন আৰু প্ৰয়াত ৰতিকান্ত দাসৰ জন্ম শতবৰ্ষ অনুষ্ঠান

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ ছৈবাৰী উচ্চ বিদ্যাপীঠত ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে পুৰন্দিয়া সাহিত্য সভাৰ মধ্যকালীন ছৈবাৰী অধিবেশন আৰু প্ৰয়াত ৰতিকান্ত দাসৰ জন্ম শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৩০ ডিচেম্বৰত বন্তি প্ৰজ্জ্বলনৰে অধিবেশনৰ শুভাৰম্ভ কৰে ব্যাস সংগীতচাৰ্য গুণীৰাম ৰাভাই ৷ ইয়াৰ পিছতে কুঁহি অনুষ্ঠান মুকলি কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তপেশ্বৰ ৰাভাই ৷সোমবাৰে পুৱা পতাকা উত্তোলন কৰে পুৰন্দিয়া সাহিত্য সভাৰ সভাপতি গোপাল চন্দ্ৰ ৰাভাই ৷ স্মৃতি তৰ্পন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি খঙিধৰ কছাৰীয়ে৷
প্ৰয়াত ৰতিকান্ত দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নবীন বেজবৰুৱাই৷ গছপুলি ৰোপণ কৰে ক্ৰমে জয়দেৱ ব্ৰহ্ম, গজেন্দ্ৰ দাস, স্বৰ্গৰাম কছাৰী আৰু ভোগেশ্বৰ শইকীয়াই৷ গোপাল চন্দ্ৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ সদস্য তথা বিশিষ্ট কবি ঘটেশ্বৰ বৰুৱাই বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰে পৰিপূৰ্ণ বৃহত্তৰ অসমীয়া সমাজৰ জাতীয় জীৱনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সাহিত্য সভাক সকলোৱে আগবঢ়াই নিবই লাগিব বুলি উল্লেখ কৰি সাহিত্য সভাই মানুহৰ মনৰ মাজৰ সংকীৰ্ণতা দূৰ কৰি বিশাল মানৱীয় সমাজ গঢ়াৰ উপযুক্ত মাধ্যম বুলি অভিহিত কৰে৷
সভাত মুু্খ্য অতিথি বিধায়িকা কমলী বসুমতাৰীয়ে কয় যে বিটিএডিত অসমীয়া ভাষা বিপদাপন্ন হোৱা বুলি একাংশ ৰাইজে কৰা সন্দেহ অমূলক। বিটিএডিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এই অঞ্চলত অসমীয়া ভাষাৰ সদায় জীয়াই থাকিব বুলিও মন্তব্য কৰে কমলী বসুমতাৰীয়ে৷ তেওঁ বৰ্তমানে অভিভাৱকসকলৰ ইংৰাজী মাধ্যমৰ প্ৰতি অহেতুক প্ৰীতিয়ে অসমীয়া ভাষালৈ সংকট নমাই আনিছে বুলি মন্তব্য কৰে৷ অভিভাৱকসকলে নিজৰ ভাষাৰ প্ৰতি সচেতন হৈ পৰিয়ালত আৰু নিজৰ সন্তানৰ সৈতে শুদ্ধকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷
সভাত পত্ৰিকা প্ৰজ্ঞাৰথ উন্মোচন কৰে সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যলয়ৰ সম্পাদক শৈলেন কুমাৰ ৰাজবংশীয়ে৷ সভাত প্ৰয়াত ৰতিকান্ত দাসৰ স্মৃতিত স্মাৰক বক্তৃতা প্ৰদান কৰে তেখেতৰ প্ৰাক্তন ছাত্ৰ ডা০ হৰকান্ত দাসে৷ প্ৰয়াত ৰতিকান্ত দাসে শিক্ষক ৰূপে ছৈবাৰী, বটাবাৰী, লেটপেটখাট, লাংদাংপাৰা, কলবাৰী, আলিকাষ, ঢালকাটা, ফুটুকীবাৰী, গেৰুৱা, খৈৰাপাৰাসহ মুঠ দহটা চুবুৰীৰ বিভিন্ন জাতি-বৰ্ণ-ভাষাৰ লোকেৰে সমৃদ্ধ বৃহত্তৰ ছৈবাৰী অঞ্চলত শিক্ষা-দীক্ষা আৰু সুস্থ সমাজ গঢ়াৰ বাবে অহোপুৰুষাৰ্থ কৰি নিজৰ কৰ্ম জীৱনৰ আদৰ্শৰে অঞ্চলটোৰ বাসিন্দাসকলক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি ৰতিকান্ত দাসৰ দৰে লোকৰ সাম্প্ৰতিক সময়ত অধিক প্ৰয়োজন বুলি মন্তব্য কৰে ৷
সভাত পুৰন্দিয়া সাহিত্য সভা বঁটা-২০১৮ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক দেৱৰাজ সাপকোটাই সাহিত্য সভাই সকলোকে এক হ’বলৈ শিকাইছে বুলি উনুকিয়াই পুৰন্দিয়া সাহিত্য সভাৰ স্থলীত বড়ো লোক নৃত্যৰ প্ৰদৰ্শনকে ধৰি সভাৰ উদ্যোগ গ্ৰহণ কৰা ৰাভা, বড়ো সকলো ৰাইজৰ অংশগ্ৰহণে সাহিত্য সভাৰ প্ৰকৃত উদ্দেশ্যকে সাৰ্থক কৰা বুলি উচ্চ প্ৰসংশা কৰে ৷ তেওঁ নৱ প্ৰজন্মৰ মাজতো এই বহল মনোভাৱ সঞ্চাৰ কৰাৰ বাবে অভিভাৱকসকলক আহ্বান জনায় ৷
সভাত ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ সভাপতি কামেশ্বৰ বড়োকে ধৰি সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যদ্বয় পুনুৰাম কলিতা, ধৰনীধৰ মেধি, প্ৰাক্তন সদস্যদ্বয় তাৰানাথ কলিতা, ভদ্ৰকান্ত শৰ্মা, আদিত চন্দ্ৰ কলিতা, নৱীন চন্দ্ৰ বেজবৰুৱা, গুণীৰাম ৰাভা আদিয়ে সভাৰ সৌষ্ঠৱ বঢ়াই বক্তব্য প্ৰদান কৰে৷
The post পুৰন্দিয়া সাহিত্য সভাৰ মধ্যকালীন ছৈবাৰী অধিবেশন আৰু প্ৰয়াত ৰতিকান্ত দাসৰ জন্ম শতবৰ্ষ অনুষ্ঠান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ApK1o6
via IFTTT
Comments
Post a Comment