ওৰাঙত ৬৫ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি নাবালিকা

ডিজ্টেল সংবাদ, ওদালগুৰিঃ ৰাজ্যত পুনৰ সংঘটিত হ’ল নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা। ৬৫ বছৰীয়া এগৰাকী বৃদ্ধৰ কামনাৰ বলি হল ৭ বছৰীয়া নাবালিকা।

ওৰাঙৰ কছাৰী ভেটি টোপত সংঘটিত হৈছে এই ঘটনা। এই গৰাকী আব্দুল মতিন নামৰ ৬৫ বছৰীয়া বৃদ্ধই দেওবাৰে আবেলি ঘৰৰ পৰা বগৰী টেঙা খোৱাবলৈ বুলি ফুচুলাই নি ঘৰত কোনো নথকা অৱস্থাত পাকঘৰৰ ভিতৰত চলাইছিল যৌন নিৰ্যাতন।

অৱশেষত নাবালিকা গৰাকীয়ে পৰিয়ালৰ লোকৰ আগত অবগত কৰে সমগ্ৰ ঘটনাটোৰ কথা। আৰু লগে লগেই পৰিয়ালৰ লোকে লম্পট আব্দুল মতিনৰ বিৰুদ্ধে ওৰাং আৰক্ষী থানাত এজাহাৰ দিয়ে। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই গৰাকী লম্পট ৬৫ বছৰীয়া বৃদ্ধা আব্দুল মতিনক।

উল্লেখ্য যে লম্পট আব্দুল মতিনৰ বিৰুদ্ধে পূৰ্বতেও এনে যৌন নিৰ্যাতন সংঘটিত কৰাৰ কেইবাটাও অভিযোগ আছে। লম্পট আব্দুল মতিনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে।

The post ওৰাঙত ৬৫ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি নাবালিকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LEZ1Ti
via IFTTT

Comments