দেওবাৰে চাংসাৰিত উপস্থিত হৈ এইমছৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে

ডিজিটেল ডেস্কঃ দেওবাৰে চৰকাৰী বিষয়াক লগত চাংসাৰিত এইমছৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি বুজ লয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্মাণ কাৰ্যৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। চাংসাৰিৰ বৃহৎ জলাশয় পুতি নিৰ্মাণ কৰা হ’ব এইমছ। প্ৰতি নিশাই নিৰ্মাণস্থলীত জলাশয় পুতি মাটি পূৰণৰ কাম চলি আছে। জলাশয় পূৰণৰ লগতে আনুসংগিক বহু কামো আৰম্ভ হৈছে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিব দিয়ে, এইমছৰ কাম দ্ৰুত গতিত চলি আছে আৰু অতি কম সময়ৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এখন বিশ্ব মানৰ চিকিৎসালয় লাভ কৰিব। উল্লেখ্য যে, ২৮ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ এটা পৰ্যবেক্ষকৰ দলে চাংসাৰিত স্থাপন হ’বলগীয়া এইমছৰ ভূমিত পৰ্যবেক্ষণ কৰিছিল। কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদনৰ নেতৃত্বত উচ্চ পদস্থ বিষয়াৰ দলটোৱে কামৰূপৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ প্ৰস্তাৱিত ভূমিত উপস্থিত হৈ সকলো কামকাজৰ অগ্ৰগতিৰ বুজ লৈছিল।

ইফালে, কেন্দ্ৰীয় সচিব প্ৰীতি সুদনে এইমছৰ নিৰ্মাণ কাৰ্যৰে জড়িত সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলা প্ৰশাসনৰ দায়িত্ববাহী বিষয়াসকলৰ লগতো আলোচনাত মিলিত হয় আৰু নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে।
কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন বাজেটতে অসমত এইমছ স্থাপনৰ প্ৰস্তাৱ ৰাখিছিল। আনহাতে, নিৰ্মাণৰ স্থানক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটাই চাংসাৰিতেই প্ৰস্তাৱিত এইমছ স্থাপনৰ সিদ্ধান্তৰ লগতে ৰাজ্য চৰকাৰ আৰু কামৰূপ জিলা প্ৰশাসনে উত্তৰ গুৱাহাটী ৰাহজ চক্ৰৰ চাংসাৰিৰ জালাহ গাঁৱৰ ৫৭১ বিঘা মাটিতে এইমছ স্থাপনৰ স্থান চূড়ান্ত কৰে।
The post দেওবাৰে চাংসাৰিত উপস্থিত হৈ এইমছৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2CHPrMD
via IFTTT
Comments
Post a Comment