বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ পদত্যাগ, কাৰ্যনিবাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সাধাৰন সম্পাদকৰ দৰে সন্মানীয় তথা গুৰুত্বপূৰ্ণ পদৰ দায়িত্বত থাকি ঐতিহাসিক বটদ্ৰৱা থানখনক গেৰুৱাকৰণ কৰাৰ অভিযোগৰ পিছত বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ হৈ মুকলিভাৱে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ব্ৰজেন কাকতি ৷

যোৱা ৩০ নৱেম্বৰত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বটদ্ৰৱা সমষ্টিৰ কপাহেৰা খেলপথাৰত অংশগ্ৰহণ কৰা বিজেপিৰ এখন নিৰ্বাচনী সভাত শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে সভাৰখনৰ আতঁ ধৰি ভাষন প্ৰসংগত কংগ্ৰেছ-অগপক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিজেপিৰ হৈ ভোট বিছৰা কাৰ্যত চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

অৱশেষত বটদ্ৰৱাবাসী ৰাইজৰ লগতে কাৰ্যনিৰ্বাহকত ব্যাপক সমালোচনা হোৱাৰ উমান পায় উপায়ন্তৰ হৈ ব্ৰজেন কাকতীয়ে বটদ্ৰৱালৈ আহি সভাপতি দেবানন্দ দেৱ গোস্বামীৰ হাতত ‘বেক ডেট’ত সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি বিচাৰি পত্ৰ দাখিল কৰিছিল ৷ সেইসময়তে সভাপতিয়ে কাকতিৰ পদত্যাগ পত্ৰ গ্ৰহন কৰিছিল যদিও কাৰ্যনিবাহকত অনুমোদন লোৱাৰ নিয়ম আছিল ৷

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিখনৰ সাধাৰণ সম্পাদকগৰাকীয়ে হঠাৎ অব্যাহতি বিছৰি থানৰ ভিতৰচ’ৰাত এনেদৰে চূড়ান্ত খেলি-মেলিৰ পৰিবেশ সৃষ্টি কৰাৰ পিছত আজি বটদ্ৰৱা থানত অনুষ্ঠিত হয় এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা ৷ শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰি পদত্যাগী ব্ৰজেন কাকতিক সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি দিয়া হয় ৷

ইয়াৰ পাছতেই সৰ্বসন্মতি ক্ৰমে বাচনি কৰা হয় নতুন সাধাৰন সম্পাদক ৷ বৰ্তমান সমিতিত সহকাৰী সম্পাদকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকা বটদ্ৰৱা শ্ৰীশ্ৰী শ’লগুৰি সত্ৰৰ আজীৱন সদস্য, সমাজসেৱক ইন্দ্ৰ মোহন বৰুৱাক নতুন সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে আজিৰ কাৰ্যনিবাহক সভাই ৷ ইয়াৰেপৰি খালী হোৱা সহকাৰী সম্পাদকৰ পদত ৰাইডঙীয়াৰ আজীৱন সদস্য লক্ষী শইকীয়াক মনোনীত কৰে কাৰ্যনিবাহক সভাই ৷

বটদ্ৰৱা অঞ্চলৰ সৰবৰাহী তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত সমাজসেৱক ইন্দ্ৰ মোহন বৰুৱাক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব প্ৰদান কৰাত বৃহত্তৰ বটদ্ৰৱাবাসীয়ে সন্তোষ্টি প্ৰকাশ কৰাৰ লগতে সকলো শ্ৰেনীৰ লোকৰ সহযোগত গুৰুজনাৰ জন্মস্থানখনিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নত গুৰুত্ব দিয়াৰ লগতে ৰাজনীতিৰ পৰা থানখনক সম্পূৰ্ণৰূপে আতৰত ৰাখিবলৈ নতুন সাধাৰন সম্পাদকজন সক্ষম হব বুলি আশা ব্যক্ত কৰিছে ৷

The post বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ পদত্যাগ, কাৰ্যনিবাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EYAuIe
via IFTTT

Comments