৮ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

ডিজিটেল সংবাদ, ওদালগুৰিঃ আগন্তুক ৮ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ। ভৈৰৱকুণ্ড পৰ্যটন আৱাস চৌহদত প্ৰায় ৫০ লক্ষাধিক টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱটিক সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে প্ৰস্তুতিৰ বুজ লৈ সোমবাৰে বিয়লি এক সংবাদমেল অনুষ্ঠিত কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মহোৎসৱখনৰ উদযাপন সমিতিৰ সভাপতি ৰিহন দৈমাৰীয়ে।

মহোৎসৱস্থলীত আয়োজিত এই সংবাদমেলত সমূহ ৰাইজক মহোৎসৱখনি সাফল্যমণ্ডিত কৰাত সহযোগ কৰিবলৈ তেওঁ আহ্বান জনায়‌। তেওঁ কয় যে এইবাৰৰ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত ভূটান, অৰুণাচল প্ৰদেশৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰতিফলিত হ’ব। ইয়াৰোপৰি শিক্ষাৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক লৈ চাৰিখনকৈ বিভিন্ন ‌আলোচনাচক্ৰ ‌অনুষ্ঠিত কৰা হ’ব।

আনহাতে স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী উক্ত মহোৎসৱত অনুষ্ঠিত কৰা হ’ব। ‌এইবেলিৰ মহোৎসৱখনিত হেলিকপ্টাৰ ৰাইডিং, জীপ চাফাৰী, পেৰাগ্লাইডি, হাতী চাফাৰী, ৰাফটিং, ফায়াৰ কেম্পেয়িং, শ্বুটিং ইত্যাদি আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে ৰিহন দৈমাৰীয়ে। ‌

তদুপৰি শিক্ষাৰ্থীসকলৰ বাবে আৰ্ট প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা পৰম্পৰাগত সাজ-পোচাকৰ ফেশ্বন, বডি বিল্ডিং, মহিলা কাবাডী, ভলীবল, আধুনিক নৃত্য প্ৰতিযোগিতা, পৰম্পৰাগত খাদ্য প্ৰস্তুতি প্ৰতিযোগিতা, গ্ৰন্থমেলা, প্ৰদৰ্শনী ইত্যাদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সংবাদমেলত উপস্থিত থাকে মহোৎসৱখনিৰ কাৰ্যকৰী সভাপতি ত্ৰিদীপ দৈমাৰী, মূখ্য ‌আহ্বায়ক ৰিপেন দৈমাৰী।

The post ৮ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2CGp8q2
via IFTTT

Comments