বিদায় বৰ্ষত উল্লেখনীয় অৱদান আগবঢ়োৱা ১০ ব্যক্তিলৈ নৱবৰ্ষত লেখিকা সন্থাৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ সন্ধিক্ষণত ২০১৮৷ পল এপল কৈ ৩৬৫ টা দিন পাৰ হৈ এটা বছৰ শেষ হ’বলৈ আৰু কেইটামান ঘন্টা বাকী৷ এই বৰ্ষটোত বহু সাফল্যই হাঁহি বিৰিঙালে বহুজনৰ মনত৷ বহু দুখবোধে হয়তো কোঙাও কৰিলে বহুজনক৷ এনে এক সুখ দুখৰ সংমিশ্ৰণৰ বাতৰি আমি ইতিমধ্যে প্ৰকাশ কৰিছো৷

কিন্তু ২০১৮ বৰ্ষৰ শেষৰ দিনটোত পুনৰ ৰাজ্যৰ ১০ জন ব্যক্তিলৈ আহিছে সুখৰ বতৰা৷ এই সুখৰ বতৰা কঢ়িয়াইছে অসম লেখিকা সংস্থাৰ পশ্চিম গুৱাহাটী শাখাই৷ পশ্চিম গুৱাহাটী শাখাই সোমবাৰে ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ১০ জন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ কথা ঘোষণা কৰে৷ সামাজিক দায়িত্ববোধ আৰু তেওঁলোকৰ অৱদানৰ বাবেই সম্বৰ্ধনা জনোৱা হ’ব বুলি জানিবলৈ দিয়ে অসম লেখিকা সংস্থাৰ পশ্চিম গুৱাহাটী শাখাই৷

অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা সুদক্ষিণা শৰ্মাক সম্বৰ্ধনা জনাব অসম লেখিকা সংস্থাৰ পশ্চিম গুৱাহাটী শাখাই৷ শাখাটোৰ সভানেত্ৰী লোপা বৰুৱা আৰু সম্পাদিকা সংগীতা ৰাজখোৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত জানিবলৈ দিয়া মতে চিকিৎসা ক্ষেত্ৰলৈ অনবদ্য অবদান আগবঢ়াই অহা বৃক্ক ৰোগ বিশেষজ্ঞ ডা০ অৰূপ নাথ, বিশিষ্ট কবি সনন্ত তাঁতী, ‘ভিলেজ ৰকষ্টাৰ’ৰ দৰে এখন ৰাষ্ট্ৰব্যপী খ্যাতিসম্পন্ন ছবি উপহাৰ দিয়া চলচ্ছিত্ৰ নিৰ্মাতা ৰীমা দাস, দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সফল মাতৃ শান্তি গগৈকো সম্বৰ্ধনা জনোৱা হ’ব৷

ইফালে ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণলৈ সুখবাৰ্তা কঢ়িয়াইছে অসম লেখিকা সংস্থাৰ পশ্চিম গুৱাহাটী শাখাই৷ অসমীয়া সাহিত্য আৰু সাংবিদকতাৰ ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়াই থকা লেখক তথা অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সম্পাদক মৃদুল কুমাৰ সন্দিকৈকো সম্বৰ্ধনা জনোৱাৰ কথা ঘোষণা কৰে তেওঁলোকে৷

The post বিদায় বৰ্ষত উল্লেখনীয় অৱদান আগবঢ়োৱা ১০ ব্যক্তিলৈ নৱবৰ্ষত লেখিকা সন্থাৰ সম্বৰ্ধনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2s2wgae
via IFTTT

Comments