নৱবৰ্ষৰ প্ৰাকক্ষণত মাজুলীত অঘটন

ডিজিটেল ডেস্কঃ আজি বছৰটোৰ অন্তিম দিন। আনন্দ উল্লাহৰ মাজেৰে বছৰৰ অন্তিম দিনটো পাৰ কৰিছে সকলোৱে। পিছে বছৰটোৰ অন্তিম সময়ত সংঘটিত হোৱা কেতবোৰ ঘটনাই একাংশ লোকৰ মুখৰ পৰা কাঢ়ি নিলে হাঁহি। চিৰদিনৰ বাবে হেৰাই গ’ল কাৰোবাৰ আপোনজন, কাৰোবাৰ কন্যা আৰু কাৰোবাৰ পুত্ৰ। দেওবাৰে মাজুলীটো সংঘটিত হ’ল তেনে এক ঘটনা। বনভোজৰ আনন্দ লৈ থাকোতে মাজুলীত সংঘটিত হ’ল এক শোকাৱহ ঘটনা।
মাজুলীত বনভোজৰ আনন্দ লৈ থাকোতে সোৱণশিৰিয়ে কাঢ়ি নিলে দুটাকৈ কিশোৰৰ প্ৰাণ। সোৱণশিৰি নৈত বুৰ গ’ল গৌতম দত্ত আৰু ৰঞ্জন কলিতা নামৰ দুই কিশোৰ। ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। উপষ্ঠিত ৰাইজে ২ কিশোৰক বিচাৰি অভিযান চলাই যদিও মাত্ৰ এজনৰ মৃতদেহহে বিচাৰি পাবলৈ সক্ষম হয়। ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় গৌতম দত্ত নামৰ কিশোৰজনৰ মৃতদেহ। বৰ্তমানলৈকে বিচাৰি পাবলৈ সক্ষম হোৱা নাই ৰঞ্জন কলিতাৰ মৃতদেহ।
The post নৱবৰ্ষৰ প্ৰাকক্ষণত মাজুলীত অঘটন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2F1ea09
via IFTTT
Comments
Post a Comment