♦ মৃদুল কুমাৰ সন্দিকৈ

“Time is free, but it’s priceless. You can’t own it, but you can use it. You can’t keep it, but you can spend it. Once you’ve lost it you can never get it back.” Harvey Mackay

সময়ৰ টিকনি আগফালে৷ কাৰো বাবে ৰ’বলৈ সময়ৰ ‘সময়’ নাই৷ ই নিৰন্তন, চিৰপ্ৰবাহমান৷ সৌ সেইদিনা সকলোৱে আদৰিছিল ২০১৮ক৷ আজি বিদায় দিয়াৰ সময়৷ ৩১ ডিচেম্বৰ! বছৰৰ অন্তিমটো দিন৷ পুৰণিক বিদায় দি নতুনক আদৰাৰ বাবে প্ৰস্তুতি তুংগত৷

থাৰ্টী ফাৰ্ষ্ট মানেই এতিয়া বিদায় আৰু আদৰাৰ এক উৎসৱ৷ পুৰণা বছৰটোৱে কি দিলে তাক বিশ্লেষণ আৰু নতুন বছৰৰ বাবে সংকল্প লোৱাৰ সন্ধিক্ষণ এয়া৷ অহা আৰু যোৱা সময়ৰেই নিয়ম৷ কোনো মূল্যৰ বিনিময়তে সময় ঘূৰাই পাব নোৱাৰি৷ কিন্তু পাৰ হৈ যোৱা সময়ৰ আধাৰত ভৱিষ্যতৰ বাবে নিজক সাজু কৰিব পাৰি৷ সেয়েহে এই সময়খিনি বৰ গুৰুত্বপূৰ্ণ৷

১ জানুৱাৰীৰ পৰাই আৰম্ভ হৈছিল ২০১৮ৰ৷ ৩৬৫ দিন পাৰ হোৱাৰ পাছত বিদায় বৰ্ষটোত আমি কি পালো তাকো পৰ্যালোচনা কৰাৰ প্ৰয়োজন৷ দৃঢ়তা আৰু সংকল্পই গঢ়া জীৱনক সময়ে মধুৰ কৰি তোলে৷ সেই একাগ্ৰতাত বিশ্বাস আৰু চেতনাৰ ঢৌৰে উজ্জীৱিত কৰিলে তেনে ক্ষণ আৰু মধুৰ হয়৷

এনেদৰে সকলোৱে ৰৈ থাকে৷ ঘড়ীৰ কাটাবোৰ ঘূৰি থাকে৷ ছেকেণ্ড, মিনিট, ঘন্টাৰ কাটা একেই ঘৰত গৈ উপস্থিত হোৱাৰ লগে লগে নিশা সেই ক্ষণত উৎসাহিত হৈ চিঞৰে- ‘হেপ্পী নিউ ইয়েৰ…’৷ সেই নতুনত্বত আশাৰ কিৰণ পৰে৷ মানুহ মানেই আশাবাদী, নতুন মানেই প্ৰত্যাশা আৰু সেই আশা আৰু প্ৰত্যাশাৰ অন্য এক নাম নৱবৰ্ষ৷

থাৰ্টী ফাৰ্ষ্ট অৰ্থাৎ ৩১ ডিচেম্বৰ, উৎসাহ আনন্দৰে ভৰা এক সময়ৰ নাম৷ নিৰাশাহীন জীৱনৰ প্ৰাপ্তিৰ সুঁতিয়েদিও উজাই আহে নতুনৰ সুৱাস লগা সময়৷ ন পুৰণি আশা-নিৰাশাৰ মাজত সেঁতু গঢ়ি এই দিনটোৱেই সিচি দিয়ে ৰঙীন কল্পনাৰ বীজ৷ সেয়েতো ইমান আশা মানুহৰ- দুখবোৰ শেষ হ’ব, দুখৰ পৃথিৱীত লহপহকৈ ফুলিব সুখৰ ফুল!

কি পালে ২০১৮ত বিশ্ববাসীয়ে? কি পালে দেশবাসীয়ে? সেই হিচাবৰ তালিকা কেইটামান শব্দৰ ভিতৰতে সীমাবদ্ধ কৰাটো সম্ভৱ নহয়৷ বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰতি ছেকেণ্ডতে নতুন খবৰ৷ কিছু খবৰ সুখৰ, কিছু খবৰ দুখৰ৷ কিছু প্ৰাপ্তি আৰু আন কিছু অপ্ৰাপ্তিৰ দুখেৰে পূৰ্ণ খবৰ৷ তথাপিও এইবোৰ খবৰ৷

কেলিফৰ্ণিয়াত বনজুই লাগিল৷ চৈধ্য হাজাৰ ঘৰ, প্ৰায় সহস্ৰাধিক দোকান জ্বলি চাৰখাৰ হ’ল৷ নব্বৈজন লোকে প্ৰাণ হেৰুৱালে৷ এয়াতো ২০১৮ৰ দুখৰে খবৰ! ইণ্ডোনেছিয়াত ২৮ ছেপ্তেম্বৰত ছুলাৱেছিত ভূমিকম্পই কঁপাই গৈছিল৷ ৭.৫ প্ৰাৱল্যৰ ভূমিকম্পত নিহত হ’ল দুহেজাৰৰো অধিক লোকৰ৷ কিদৰে কওঁ এইবোৰ সুখৰ খবৰ? মানাক ক্ৰাকাটোয়ো দ্বীপত ২০ ডিচেম্বৰত আগ্নেয়গিৰি উদগীৰণ হৈছিল৷ তাৰ পিছতে আহিল ছুনামি৷ সেই ছুনামিয়ে প্ৰাণ কাঢ়িলে ৪৭০ জনৰো অধিক লোকৰ৷

গ্ৰীচত বনজুইত প্ৰাণ হেৰুৱালে ৭৪ জনে৷ জাপানত জুন-জুলাইত বান আৰু ভূমিস্খলনত ডেৰ শতাধিকে প্ৰাণ হেৰুৱালে৷ ভাৰতত ধূলিৰ ধুমুহা, কেইবাটাও ঘূৰ্ণী বতাহে কোটি কোটি টকাৰ সম্পত্তি আৰু ধন-জনৰ ক্ষতিসাধন কৰিলে৷ ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত তিতলী নামৰ ঘূৰ্ণীয়ে বিশ হাজাৰৰো অধিক লোকক নিথৰুৱা কৰি গ’ল৷ দক্ষিণ কেলিফৰ্ণিয়াতো বহু অঘটন ঘটিল৷ গোৱেটেমালাত ৩ জুনত উদগীৰিত তিফুয়েগ’ আগ্নেয়গিৰিত চাৰিশৰো অধিক লোকে প্ৰাণ হেৰুৱালে৷ নাইজেৰিয়াৰ বানত শতাধিকৰ প্ৰাণ গ’ল, উত্তৰ কোৰিয়াত বানে ধুই নিলে বহুতৰ ঘৰ৷ টাইবানত ভূমিকম্প, ফিজিৰ ঘূৰ্ণী, পাকিস্তানৰ গ্ৰীষ্ম প্ৰৱাহ আদি প্ৰাকৃতিক দুৰ্যোগেৰে ভৰা বছৰ আছিল এইটো৷

ভাৰতৰ প্ৰেক্ষাপটত কেৰেলাৰ বান অন্যতম প্ৰাকৃতিক দুৰ্যোগ আছিল৷ ১৯২৪ চনৰ পাছত ২০১৮ৰ আগষ্টত প্ৰায় ১০৪ বছৰৰ অন্তত এই বানে চাৰি শতাধিক লোকৰ প্ৰাণ ল’লে৷ পোন্ধৰ লাখ লোক ক্ষতিগ্ৰস্ত হ’ল৷ এইবোৰ খবৰৰ লগতে দেশে এই বছৰটোত বহু কেইজন লোকক হেৰুৱালে৷ ১৬ আগষ্ট, ২০১৮ত মৃত্যু হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ৷ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেটাৰ্জীৰ মৃত্যু ঘটিল ২০১৮ৰে ১৩ আগষ্টত৷ অসমৰ বিশেষকৈ ভূপেন হাজৰিকাৰ জীৱনৰ সৈতে বিশেষ সম্পৰ্ক থকা কল্পনা লাজমীক আমি হেৰুৱালোঁ ২০১৮ বৰ্ষৰ ২৩ ছেপ্তেম্বৰত৷ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিয়ে বিদায় বৰ্ষটোৰ ৭ আগষ্টত ইহলীলা সম্বৰণ কৰিলে৷

হঠাৎ ডুবাইৰ এক আত্মীয়ৰ বিবাহ অনুষ্ঠানত যোগ দিবলৈ গৈ ২০১৮ৰ ২৪ ফেব্ৰুৱাৰীত এই পৃথিৱীৰ পৰাই নহোৱা হৈ গ’ল অভিনেত্ৰী শ্ৰীদেৱী৷ বঙালী লিখক-সমালোচক অশোক মিত্ৰৰ দেহাৱসান ঘটিল ২০১৮ৰ ১ মে’ত৷ বছৰটোত হেৰুওৱা আনসকলৰ ভিতৰত উল্লেখযোগ্য আছিল ৬ আগষ্টত আৰ কে ধাৱন, ১৭ জুলাইত অভিনেত্ৰী ৰীতা ভাদুৰী, ১৫ আগষ্টত ক্ৰিকেটাৰ অজিত ৱাডেকাৰ, ২৩ আগষ্টত বিশিষ্ট সাংবাদিক কুলদ্বীপ নায়াৰ, ১৮ অক্টোবৰত প্ৰবীন ৰাজনীতিবদি এন ডি তীৱাৰি, ২৭ নৱেম্বৰত গায়ক মহম্মদ আজিজ আদিয়ে এই সংসাৰৰ পৰা চিৰবিদায় ল’লে৷ বিশিষ্ট সাহিত্যিক তথা জ্ঞানপীঠ বঁটা বিজয়ী ভি এছ নাইপলৰ মৃত্যু ৮৫ বছৰ বয়সত মৃত্যু হৈছিল এই বছৰটোৰে ১১ আগষ্টত৷

অসমতো বহু লোকক এই বছৰটোত হেৰুৱালে ৰাজ্যবাসীয়ে৷ বিশিষ্ট অভিনেতা গুণ মহন্তৰ মৃত্যু ঘটিল ২৭ আগষ্টত৷ ২০১৮ৰ ১২ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট ভাষাবিদ তথা সাহিত্যিক প্ৰমোদ ভট্টাচাৰ্যই৷ মিচিং সাহিত্যসভাৰ প্ৰাক্তন সভাপতি চেঙাৰাম মৰাঙৰ দেহাৱসান ঘটিল বিদায় বৰ্ষটোৰ ১৬ ডিচেম্বৰত৷ সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ মৃত্যু হ’ল ২০১৮ বৰ্ষৰ ২১ ডিচেম্বৰত৷ বিশিষ্ট কবি ৰাম গোস্বামীৰ মৃত্যু হয় এই বছৰটোৰ ২৪ নৱেম্বৰত৷ অপেছাদাৰী নাট্য আন্দোলনক নতুন গতি দি পৰীক্ষা নিৰীক্ষাৰ মাজেৰে নাটকৰ বাবে জীৱন উৎসৰ্গা কৰা শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যু ঘটে ৮ জুন, ২০১৮ত৷ প্ৰবীন ৰাজনীতিবিদ তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰপ্ৰসাদ দলৈৰ মৃত্যু ঘটে ২০১৮ৰ ২০ আগষ্টত৷ একেদৰে প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ ১৯ নৱেম্বৰত আকস্মিক বিয়োগ ঘটে৷ বিশিষ্ট চিত্ৰ পৰিচালক মুনীন বৰুৱাক ৰাজ্যবাসীয়ে হেৰুৱালে ২০১৮ বৰ্ষৰ ৭ এপ্ৰিলত৷ ৬ অক্টোবৰত সাংস্কৃতিক কৰ্মী কিশোগিৰী, ৫ অক্টোবৰত বিশিষ্ট সমাজকৰ্মী খনীন দাস, ৮ নৱেম্বৰত কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ মৃত্যু ঘটে৷এই বছৰতে ১০১ বছৰীয়া জন্মদিন উদযাপন কৰাৰ দুদিনৰ পূৰ্বে ১০ নৱেম্বৰ, ২০১৮ত মহাথেৰা ভান্টে বাবাৰ বিয়োগ ঘটিছিল৷

একেদৰে ২০১৮ বৰ্ষত মৃত্যু ঘটিছিল ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিবপ্ৰধান কফি আন্নানৰ৷ এনেদৰে বহু বিশিষ্ট লোকৰ মহাপ্ৰয়াণ ঘটে এই বছৰটোত৷ পাকিস্তানৰ মানৱ অধিকাৰ কৰ্মী আছমা জাহাংগীৰ, বিশিষ্ট পদাৰ্থ বিজ্ঞানী ৰিচাৰ্জ ই টেইলৰ, চলচ্ছিত্ৰ পৰিচালক নিৱিজ গিলৱাৰ্ডৰ মৃত্যু ঘটে এই বছৰটোত৷

বিশিষ্ট বিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যু ঘটিছিল ২০১৮ বৰ্ষৰ ১৪ মাৰ্ছত৷ বিশিষ্ট সাহিত্যিক ফিলিপ ৰথৰ মৃ্ত্যু ঘটিছিল ২২ মে’ত, মহাকাশত বিশেষ কৃতিত্ব স্থাপনেৰে চন্দ্ৰত খোজ কঢ়া চতুৰ্থ ব্যক্তি এলান বিনৰ মৃত্যু ঘটে ২৬ মে’ত৷ মাৰ্কিন ৰাজনীতিবিদ জন মেককেইন, মাইক্ৰ’ছফ্টৰ সহযোগী প্ৰতিষ্ঠাপনক প’ল এলেন, প্ৰাক্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্ব, কমিক জগতৰ অন্যতম প্ৰখ্যাত ব্যক্তি ষ্টান লিঅ’ৰো এই বছৰতে মহাপ্ৰয়ান ঘটে৷

২০১৮ বৰ্ষত জ্ঞানপীঠ বঁটাৰে উজলি উঠিল বিশিষ্ট লেখক অমিতাভ ঘোষ৷ দাদাচাহেব ফাল্কে বঁটা লাভ কৰে বিনোদ খান্নাই৷ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত উজলি উঠিল অসমৰ ৰীমা দাসৰ ছবি৷ ফ্ৰান্সৰ সৰ্ব্বোচ্চ নাগৰিক সন্মান ‘নাইট অৱ দ্য চিজন’ লাভ কৰিলে আজিম ক্ৰেঞ্জীয়ে৷ হিমা দাসকে ধৰি ২১ গৰাকী খেলুৱৈয়ে পালে অৰ্জুন সন্মান৷ বিৰাট কোহলী, এছ মীৰাবাঈ চানুক যঁচা হ’ল ‘ৰাজীৱ গান্ধী খেলৰত্ন’ সন্মান৷ কানাডাৰ গণিতজ্ঞ ৰবাৰ্ট লেংলেগুজক ‘আবেল প্ৰাইজ’, ‘গল্ডেন মেন বুকাৰ’ সন্মানেৰে সন্মানিত হ’ল মাইকেল ওনডাটজীৰ৷ নৰেন্দ্ৰ মোদীলৈ আহিল চিঅ’ল পিচ প্ৰাইজ৷ আন্না বনাচক ‘সিন্ধমেন’ৰ বাবে ‘মেন বুকাৰ’ সন্মানেৰে সন্মানিত কৰা হ’ল এই বছৰটোতে৷

ৱাছনাৱী আৰু ছোনম ৱাংছুক ‘ৰমন মেগেছেচে’ বঁটা, নৰেন্দ্ৰ মোদীক ‘চেম্পিয়ন অৱ আৰ্ট’ বঁটা যাঁচিলে ২০১৮ বৰ্ষতে৷ অস্কাৰত শ্ৰেষ্ঠ চিনেমাৰ সন্মান অৰ্জন কৰিছিল ‘দ্য শ্বেপ অৱ ৱাটাৰ’-এ৷ মিছ ৱৰ্লড খিতাপ অৰ্জন কৰিলে মেক্সিক’ৰ সুন্দৰী ভেনেছা মাঞ্চেয়ে৷ মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰিলে ফিলিপাইনৰ সুন্দৰী কেট্ৰিঅনা গ্ৰেয়ে৷

২০১৮ বৰ্ষৰ নবেল বঁটা লাভ কৰা সকলৰ ভিতৰত আছিল অৰ্থনীতিত- উইলিয়াম নৰ্ডহাছ, আৰু প’ল ৰোমাৰো, শান্তিত- ডেনিছ মুকৱেগে, নদিয়া মুৰাড, ৰাসায়নত- ফ্ৰান্সেছ অনাৰ্ল্ড, জৰ্জ স্মিথ, গ্ৰেগ্ৰী উইন্টাৰ, পদাৰ্থ বিজ্ঞানত- আৰ্থাৰ আশ্বকিন, গেৰাৰ্ড মুৰেই, ডোনা ষ্ট্ৰিকলেণ্ড, চিকিৎসা বিজ্ঞানত- ডেমছ পি, এলিছন, টাছাকো হাঞ্জোৱে৷

বিদায় বছৰটোত ‘মি টু’ আন্দোলনে বহুতৰে টোপনি হৰিলে৷ অভিনেত্ৰী তনুশ্ৰী দত্তই অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছতে এই ‘মি টু’ৰ কবলত পৰে অভিনেতা আলোক নাথ, কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ, ছবি পৰিচালক বিকাশ বেহেল, প্ৰখ্যাত লেখক চেতন ভগত, সংগীত পৰিচালক অনু মালিক আদি৷ অসমতে ইয়াৰ প্ৰভাৱ পৰিছিল৷ এজন বয়োজ্যেষ্ঠ লিখক-সাহিত্যিকৰ বিৰুদ্ধে এগৰাকী সাংবাদিকে পুৰণি ঘটনাৰ আধাৰত এই কথা মুকলিকৈ ছ’চ্য়েল মিডিয়াত লিখিছিল৷ ‘মি টু’ৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে পদত্যাগ কৰিবলগা হৈছিল ২০১৮ বৰ্ষত৷

উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান কৰিলে৷ তাৰ ভিতৰত সৱৰিমালাৰ মন্দিৰত মহিলাৰ প্ৰৱেশত অনুমতি, সমকামীতাক বৈধতা প্ৰদানেৰে সমলিংগৰ যৌনতাক বাধা দিয়া সংবিধানৰ অনুচ্ছেদ বাতিল কৰা, বিবাহ বহিৰ্ভূত সম্পৰ্কক নায্যতা প্ৰদান, ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত শুনানিত ন্যায়ালয়ৰ স্থিতি এই বছৰটোৰ বাবে উল্লেখযোগ্য ঘটনা আছিল৷

অসম সন্তান ৰঞ্জন গগৈয়ে মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰা, চি বি আইৰ দুই জ্যেষ্ঠ বিষয়াৰ অন্তৰ্কন্দল, আগাষ্ট ৱেষ্টলেণ্ড কেলেংকাৰীত ক্ৰিষ্টিয়ান মাইকেলে জেৰাত ছোনীয়া গান্ধীৰ নাম লোৱা, ৫ ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ উত্থান, আধাৰ কাৰ্ড বাধ্যতামূলক নহয় বুলি উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান, বায়ুসেনাত যুঁজাৰু বিমান চলোৱাৰ দায়িত্বত অৱনী চতুৰ্বেদীৰ যোগদান, অসমৰ যুৱতীয়ে আন্তৰাষ্ট্ৰীয় বিমান চালনৰ অনুজ্ঞাপত্ৰ লাভ কৰা, অমৃতসৰত দছেৰাৰ দিনা অৰ্থাৎ ১৯ অক্টোবৰত ৰে’লে মহতিয়াই নিয়া ঘটনাত ৫৯ জন লোকৰ মৃত্যুৰ খবৰে দেশজুৰি চৰ্চা লাভ কৰিছিল ২০১৮ বৰ্ষত৷

এই বছৰটোত ন্যায়পালিকাৰ সৈতে কাৰ্যপালিকাৰ সংঘাত অন্যতম উল্লেখযোগ্য ঘটনা আছিল৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ উৰ্জিত পেটেলৰ পদত্যাগ, মহিলাৰ দৌৰবিদ ৰূপে হিমাৰ উত্থান, ৰাফেল কেলেংকাৰীক লৈ বিৰোধীৰ সক্ৰিয়তা, গুজৰাটত বল্লভ ভাই পেটেলৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি উন্মোচন, ব্ৰহ্মপূত্ৰৰ ওপৰত বগীবিল দলং উদ্বোধন, ভাৰতীয় মহাকাশ সন্থাৰ ‘গগন যান-২২’ ঘোষণা আদি পৰিঘটনাৰে পূৰ্ণ এই বছৰটো৷

ভাল-বেয়া মিশ্ৰিত ঘটনাৰ সমাহাৰ আছিল ২০১৮ বৰ্ষ৷ কাবুলত সন্ত্ৰাসবাদীয়ে এম্বুলেন্সৰ জৰিয়তে আক্ৰমণ ঘটাই ২০১৮ৰ ২৭ জানুৱাৰীতে ডেৰ শৰো অধিক লোকৰ প্ৰাণ কাঢ়িছিল৷ থাইলেণ্ডৰ গুহাৰ পৰা ২৩ জুনত ১২ জনীয়া কিশোৰ ফুটবল দলটোক সুকলমে উদ্ধাৰ কৰা হৈছিল এই বছৰটোতে৷ কিন্তু চুবুৰীয়া ৰাজ্য মেঘালয়ত ১৩ জন শ্ৰমিক কয়লা খননৰ সময়ত আবদ্ধ হৈ পৰিছিল যদিও তেওঁলোকক বছৰৰ অন্ত পৰালৈকে উদ্ধাৰ কৰিব নোৱাৰিলে৷ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত তেহৰিক-ই-ইনচাফ দলে ১১৬ খন আসন দখল কৰি চৰকাৰ গঠন কৰিলে৷ পাকিস্তানৰ প্ৰধাননমন্ত্ৰী ৰূপে ২০১৮ত ইমৰান খানে দায়িত্ব গ্ৰহণ কৰিলে৷ সেই শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈ বিতৰ্কৰ সূচনা কৰিলে নৱজোৎ সিং সিদ্ধুৱে৷

চীনৰ ৰাষ্ট্ৰপতিৰূপে তৃতীয়বাৰ নিৰ্বাচিত হোৱাৰ বাট মুকলি কৰি দেশখনৰ সংবিধান ২০১৮ বৰ্ষতে সংশোধন কৰা হ’ল৷ ইহুদী সকলক বিশেষ স্বীকৃতি প্ৰদানেৰে ইজৰাইলৰ সংসদে দেশখনক ইহুদী দেশৰূপে স্বীকৃতি দিলে৷ চৌদি আৰৱত মহিলাক যান-বাহন চলোৱাৰ অনুমতি প্ৰদান কৰা হ’ল৷ মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতিৰূপে ইব্ৰাহিম মহম্মদ চালীহে দায়িত্ব ল’লে৷ শ্ৰীলংকাত ৰাজনৈতিক সংকটৰ ফলত এক অচল অৱস্থাৰ সৃষ্টি হৈছিল এই বছৰটোত৷ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ দক্ষিন আফ্ৰিকাৰ ৰাষ্ট্ৰপতি জেকব জুমাইয়ে পদত্যাগ কৰিলে৷ ৰাষ্ট্ৰপতিৰূপে ২০২৪ পৰ্যন্ত চতুৰ্থটো কাৰ্যকালৰ বাবে ৰাছিয়াত নিৰ্বাচিত হ’ল ভ্লাডিমি পুটিন৷ উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত আলোচনাৰ ক্ষেত্ৰতো কিছু দিশ আগবাঢ়িল৷

অসমত এই বছৰটোত দুটাকৈ অনুষ্ঠানে বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল৷ অসমীয়া ভাষা সাহিত্যক নতুন গতি প্ৰদান কৰাৰ লক্ষ্যৰে স্থাপন কৰা অসম জাতীয় বিদ্যালয়ে ২৫ বছৰত ভৰি থলে৷ বৰ্ষজোৰা কাৰ্যসূচীৰে এই বিদ্যালয়খনে ৰূপালী জয়ন্তী বৰ্ষ ২০১৮ চনত উদযাপন কৰিলে৷ একেদৰে খেল জগতলৈ বিশেষ অৱদান আগবঢ়োৱা মহাৰাণা ক্লাৱে ১১১ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবীন খেলুৱৈৰ লগতে ক্ৰীড়া সংগঠকক মাতি আনি সম্বৰ্ধনা জনালে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চিক লৈ এই বছৰটোত ৰাজ্যজুৰি চৰ্চা চলিল৷ মাজুলীত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষ গ্ৰহণ কৰাৰ পাছতেই সেই আন্দোলন তীব্ৰতৰ হৈছিল। ২৩ অক্টোবৰ, ২০১৮ৰ অসম বন্ধৰ আহ্বানেৰে সেই আন্দোলনৰ প্ৰতি ৰাইজৰ কি ধৰণৰ ব্যপক সঁহাৰি আছিল তাৰ প্ৰমাণ পোৱা গৈছিল।

একেদৰে যুটীয়া সংসদীয় কমিটিয়ে এই বিধেয়কখনক লৈ সাক্ষ্য গ্ৰহণ কৰিবলৈ অহাৰ সময়তো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল-সংগঠনে। ৭০ টা দল সংগঠনে সন্মিলিত ভাৱে বিভিন্ন কাৰ্যসূচীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ অন্তত দিল্লীতো এক অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত  এন আৰ চি খচৰাৰ তালিকাৰ প্ৰকাশ এই বছৰটোত ৰাজ্যবাসীৰ বাবে আছিল অন্য এক উল্লেখযোগ্য ঘটনা। বিভিন্ন বিষয়ক লৈ ৰাজপথত আন্দোলন হোৱাৰ সামন্তৰালকৈ নতুন প্ৰজন্মই ২০১৮ বৰ্ষত বিভিন্ন ক্ষেত্ৰত নিৰৱে জাতীয় চেতনাৰ প্ৰতি সচেতন হৈ ভালেকেইটা কাম কৰিলে৷ জাতীয় জীৱনলৈ অহা এই সংকটৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ হাতে কামে সাজু নতুন প্ৰজন্ম৷ সময়ৰ সৈতে খোজ মিলাই জাতীয় অস্তিত্বৰ প্ৰতি দায়বদ্ধ হৈ নিজ নিজ ক্ষেত্ৰত নতুন প্ৰজন্মই ২০১৮ত আশাৰ পোহৰ বিলালে৷

হিমা দাসৰ উত্থান, মাজুলীৰ ৰুণজুন, গোগামুখৰ ডিম্বেশ্বৰ, নাৰায়নপুৰৰ হৃদয় উজ্বলি উঠিল ক্ৰীড়া ক্ষেত্ৰত৷ সাংস্কৃতিক দিশত মানসী চহৰীয়াকে ধৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইবাগৰাকীয়ে নিজৰ প্ৰতিভাৰ উমান দিলে৷ শৰীৰ চৰ্চাত গোলাপ ৰাভাই শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে৷ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তভ বি আৰ্যই ফিনলেণ্ড আৰু ইটালীত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় সন্মিলনত নিমন্ত্ৰিত বক্তা হিচাপে অংশ ল’লে৷ ইণ্ডিয়ানছ ইন্টাৰনেশ্যনেল অৱ মমেন্ট ইউনাইড নেশ্যনৰ শ্ৰেষ্ঠ প্ৰতিনিধি হিচাপে স্বীকৃতি লাভ কৰিলে ৰিদম দাসে৷

২০১৮ বৰ্ষক বিদায় দিয়াৰ পাছত ২০১৯ বৰ্ষৰে আৰম্ভ হ’ব নতুন বছৰৰ সময়ৰ যাত্ৰা৷ এই সময়ে আশাৰ বতৰা কঢ়িয়াই আনক সকলোৰে বাবে, সমৃদ্ধশীল হওক আহি থকা দিনবোৰ.. বিদায় ২০১৮, স্বাগতম ২০১৯…৷

The post appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BPuDkK
via IFTTT

Comments