লংকাক গোহাঁই গাঁৱত তিনিদিনীয়া কৰ্মশালা সম্পন্ন
গণৱাৰ্তা, হাঁহচৰাঃ শিৱসাগৰ জিলাৰ হাঁহচৰা “লংকাক গোহাঁই গাঁৱ”ৰ শিশু গোট “মন এটি আশা”ৰ উদ্যোগত যোৱা ২৮ডিচেম্বৰ পৰা ৩০ ডিচেম্বৰ ২০১৮তাৰিখলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত হোৱা চিত্ৰাংকন, কবিতা, গল্প কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল চিত্ৰশিল্পী গগণ বেজবৰুৱা চৰকাৰী চাৰু কাৰু মহাবিদ্যালয় গুৱাহাটী, ঋতু অনুৰাগ মাজুলী, মাজুলী, দেৱাশীষ চেতিয়া কুজিবালি। সমূহ লংকাক গোহাঁই গাওঁবাসী ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজৰ উপস্থিতি, সহায়-সহযোগিতাই এই তিনিদনীয়া কৰ্মশালা সাফল্যমণ্ডিত কৰি তোলে। কৰ্মশালা সামৰণি দিনা এখনি মুকলি সভা অনুস্থিত্ব হৈ যায়। এই মুকলি সভাত সভাপতিত্ব কৰে সুৰেন বুঢ়াগোহাঁই, মুকলি সভা উদ্বোধন কৰে সাংবাদিক ধ্ৰুৱজ্যোতি গগৈ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক বিপিন হাজৰিকা, সাংবাদিক নৱ বুঢ়াগোহাঁই, সাংবাদিক প্ৰশান্ত বৰগোহাঁই, সাংবাদিক অংশুমান দত্ত, অধিবক্তা সাংবাদিক দেৱজ্যোতি বৰুৱা, শিক্ষক পংকজ শইকীয়া, টাইপা নাজিৰা আঞ্চলিকৰ অনুপম সন্দিকৈ অনুষ্ঠানটি আঁত ধৰে “মন এটি আশা” শিশু গোটৰ পৰিচালিকা মুনমী বুঢ়াগোহাঁইয়ে। এই মুকলি সভাত বিভি কবিতা আবৃত্তি কৰে নীহাৰ নীলিম বুঢ়াগোহাঁই, আলোক বুঢ়াগোহাঁই, তনয়া বুঢ়াগোহাঁই আৰু গীত পৰিৱেশন কৰে মৌচুমী বুঢ়াগোহাঁইয়ে।
The post লংকাক গোহাঁই গাঁৱত তিনিদিনীয়া কৰ্মশালা সম্পন্ন appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2EXxjRl
via IFTTT
Comments
Post a Comment