২০১৯ত কাৰ ফুলিব কপাল? অখিলেশ, মমতা নে ৰাহুল হ’ব প্ৰধানমন্ত্ৰী?

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত আৰু বেছি দিন নাই। আগন্তক লোকসভা নিৰ্বাচনলৈ ইতিমধ্যে সাজু হৈ উঠিছে ৰাজনৈতিক দলসমূহ। ন ন নিৰ্বাচনী ৰণ কৌশল অৱলম্বন কৰি ভোটাৰক আকৃষ্ট কৰাত উঠিপৰি লাগিছে শাসকীয় দলকে ধৰি আন আন দলসমূহ। আনফালে কংগ্ৰেছকে ধৰি বিজেপি বিৰোধী দলসমূহে মহাজোঁটবন্ধনৰ মাজেৰে একত্ৰিত হৈ আগন্তক লোকসভা নিৰ্বাচনত শাসকীয় দলটোক পৰাস্ত কৰিবলৈ যো-জা চলাইছে। কিন্তু তাৰ মাজতে বিৰোধীৰ হৈ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰৰ সংখ্যাও কেইবাজনো হোৱা পৰিলক্ষিত হৈছে। বিশেষ কৈ সমাগত লোকসভা নিৰ্বাচনৰ বাবে মাজবাদী পাৰ্টিৰ হৈ অখিলেশ যাদৱ আৰু তৃণমূল কংগ্ৰেছৰ হৈ মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী পদৰ প্ৰৱল দাবীদাৰ হিচাপে চিহ্নিত হৈছে।

তেনে এক সময়তে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থৰুৰে প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী হিচাপে মন্তব্য কৰিছে ৰাহুল গান্ধীৰ বিষয়ে। দেওবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শশী থৰুৰে কয় যে প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা ৰাহুল গান্ধীৰ আছে। ইতিমধ্যে তিনি হিন্দী বলয়ৰ ৰাজ্যত কংগ্ৰেছক বৃহৎ সফলতা প্ৰদান কৰি ৰাহুল গান্ধীয়ে সেয়া প্ৰমাণ কৰি দেখুৱাইছে।

থৰুৰে কয়- ‘দেশে এজন যোগ্য প্ৰধানমন্ত্ৰী বিচাৰে। যিয়ে জনতাৰ সুখ-দুখ বুজিব পাৰে আৰু তেওঁলোকক সংগ দিব পাৰে। দেশৰ নেতৃত্ব বহন কৰা সহজ কাম নহয়। কিন্তু যি নিষ্ঠা আৰু সততাৰে নেতৃত্বৰ দিশে আগবাঢ়ে তেওঁ প্ৰধানমন্ত্ৰী হোৱাটো ভাল কথা। ৰাহুল গান্ধীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত কংগ্ৰেছলৈ সফলতা নমাই আনি প্ৰমাণ কৰি দিছে যে যি বিৰোধীয়ে তেওঁক এদিন পাপ্পু বুলি উপলুঙা কৰিছিল, তেওঁ এতিয়া আৰু পাপ্পু হৈ নাই। অন্ততঃ মই এটা কথা ক’ব পাৰো যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’লে জনতাক প্ৰদান কৰা প্ৰতিশ্ৰুতি তেওঁ পূৰণ নকৰাকৈ নাথাকে।’

উল্লেখ্য যে, শশী থৰুৰ লগতে নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুখ আব্দুলা আৰু এম কে ষ্টালিনেও ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন আগবঢ়াইছে। কিন্তু মমতা বেনাৰ্জী আৰু অখিলেশ যাদৱে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে মানি ল’ব পৰা নাই। দুয়োগৰাকী নেতাৰ মন্তব্য অনুসৰি লোকসভা নিৰ্বাচনত বিজয় সাব্যস্ত হোৱাৰ পিছতহে প্ৰধানমন্ত্ৰী সন্দৰ্ভত আলোচনা কৰা উচিত।

The post ২০১৯ত কাৰ ফুলিব কপাল? অখিলেশ, মমতা নে ৰাহুল হ’ব প্ৰধানমন্ত্ৰী? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EXMadt
via IFTTT

Comments