উদুলি মুদুলি কাজিৰঙাৰ পদুলিঃ অৰ্কিড উদ্যানত দৈনিক হাজাৰ হাজাৰ দৰ্শনাৰ্থী

গণবাৰ্তা, কাজিৰঙাঃ উদুলি মুদুলি এতিয়া কাজিৰঙাৰ পদুলি৷ কাজিৰঙাত ভৰি পৰিছে দেশ বিদেশৰ অগণন পৰ্যটকে৷ জীপ ছাফাৰী, হাতী ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি আপ্লুত দেশী বিদেশী পৰ্যটকসকল৷ ইয়াৰ সমান্তৰালকৈ পৰ্যটকৰ ভিৰ বাঢ়িছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত৷ পুৱা ৭ বজাৰ পৰা সন্ধ্যা ৮ বজালৈ পৰ্যটকৰ লানি নিছিগা শাৰি৷ ইংৰাজী নৱবৰ্ষলৈ মাজত মাথো এটা দিন৷ আজিৰ দিনটোত কাজিৰঙাত ভিৰ অজস্ৰ পৰ্যটকৰ৷ কি হাতী ছাফাৰী, কি জীপ ছাফাৰী সকলোতে কেৱল মানুহ আৰু মানুহ৷ প্ৰতিজন পৰ্যটকে পুৱাই ঘন কুৱলী ফালি হাতীৰ পিঠিত উঠি উপভোগ কৰিছে উদ্যানৰ প্ৰাকৃতিক মনোৰম দৃশ্য৷ ইয়াৰ লগতে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ বনৌষধী উদ্যান, সাংস্কৃতিক অনুষ্ঠান, তাঁতৰ শাল, বাহঁ উদ্যান আদি দেখি আনন্দিত সকলো দেশী বিদেশী পৰ্যটক৷
প্ৰতিদিনে কাজিৰঙা অৰ্কিড উদ্যানত আগমন ঘটিছে তিনিৰ পৰা পাচঁ হাজাৰ জন পৰ্যটকৰ৷ কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি আপ্লুত বহিৰাজ্যৰ সকলো পৰ্যটক৷ ইফালে সংবাদ মাধ্যমলৈ পৰ্যটকৰ আহ্বান যে অৰ্কিড উদ্যানৰ প্ৰচাৰতা অতি কম হৈছে৷ এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰু দায়িত্ব আছে৷ তদুপৰি কাজিৰঙা জীপ ছাফাৰী এছচিয়েচনৰ সভাপতিয়ে কয় যে কাজিৰঙা পৰ্যটনত অৰ্কিড উদ্যানৰ ভুমিকা অতি উল্লেখযোগ্য৷ এনে অৰ্কিড উদ্যান ভাৰতবৰ্ষৰ কোনো ঠাইতে নাই বুলিও সভাপতি গৰাকীয়ে উল্লেখ কৰে৷ ইয়াৰোপৰি অৰ্কিড  উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা লেখাপ্ৰিয়া পাত্ৰ আৰু বিপ্লৱ বৰুৱাই সমুহ পৰ্যটকক উদ্যানলৈ উষ্ম আদৰণি জনায়৷ অৰ্কিড উদ্যানৰ  দীৰ্ঘায়ু কামনাৰ লগতে ইয়াৰ পৰিৱেশ তথা  কৰ্মৰত গাইড তথা কৰ্মচাৰীসকলক প্ৰশংসা  কৰে সকলোৱে৷

The post উদুলি মুদুলি কাজিৰঙাৰ পদুলিঃ অৰ্কিড উদ্যানত দৈনিক হাজাৰ হাজাৰ দৰ্শনাৰ্থী appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2TdFNqq
via IFTTT

Comments