কাম চৰাইৰ বসতিস্থল টিংখঙৰ কদমনি বিলক সুৰক্ষা দিছে স্থানীয় ৰাইজে

টিংখং-ৰাজগড়ৰ পৰা হান্নান হুছেইনৰ প্ৰতিবেদনঃ
বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ সময়তে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিৰ অন্তৰ্গত গেলাদিচাং কদমনি বিলৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বছৰ বছৰ ধৰি বাস কৰি অহা হাজাৰ হাজাৰ পৰিভ্ৰমী কাম চৰাই সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব পাৰে। শীতকাল আহিলেই কাম চৰাইৰ লগতে নানা পৰিভ্ৰমী চৰাইৰ কল-কাকলিৰে মুখৰিত হৈ পৰে বিলখন। বিশেষকৈ নীলৰঙী কাম চৰাইৰ স্থায়ী বসতিস্থলত পৰিণত হোৱা টিংখঙৰ গেলা-দিচাং কদমনি বিলখনত শীতকাল আহিলেই খেয়ালী হাঁহ, দেও হাঁহ, বগলী আদি ভিন্ন পক্ষীয়ে ভিৰ কৰেহি। কাম চৰাইৰ মনোমোহা লয়লাস প্ৰত্যক্ষ কৰিবলৈ কদমনি বিললৈ দূৰ-দূৰণিৰ পৰা বহু প্ৰকৃতিপ্ৰেমী আহে।
আনহাতে গেলা-দিচাংবাসী ৰাইজে বিৰল প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দেখুৱাই অহাটো আজিৰ তাৰিখত এক অতি গুৰুত্বপূৰ্ণ বিষয়। বিলখনত আশ্ৰয় গ্ৰহণ কৰা পক্ষীকূলক ৰক্ষণাবেক্ষণ দিবলৈ স্থানীয় লোকসকলে এক পক্ষী সুৰক্ষা সমিতি গঠন কৰি কটকটীয়া আইনো প্ৰস্তুত কৰিছে। এই আইন অনুসৰি কোনোৱে যদি এটা চৰাইও নিধন কৰে তেন্তে জৰিমনা ভৰিব লাগিব।
কদমনি বিলক এখন সুন্দৰ পক্ষী উদ্যান স্বৰূপে গঢ় দিয়াৰ এশ শতাংশই সম্ভাৱনা আছে। বিলখনৰ সৌন্দৰ্যবৰ্দ্ধন কৰি পৰিকল্পিত ৰূপত সজাই পৰাই পক্ষী উদ্যান স্বৰূপে গঢ় দিবলৈ স্থানীয় ৰাইজে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। চৰকাৰেও তেওঁলোকৰ আহ্বানৰ প্ৰতি যোগাত্মক সঁহাৰি প্ৰদৰ্শন কৰিব বুলি টিংখঙৰ গেলা-দিচাং কদমনি বিলৰ প্ৰকৃতিপ্ৰমী ৰাইজ আশাবাদী।

The post কাম চৰাইৰ বসতিস্থল টিংখঙৰ কদমনি বিলক সুৰক্ষা দিছে স্থানীয় ৰাইজে appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2EW1rMa
via IFTTT

Comments